এতিয়াও বিপদসীমাৰ ওপৰত বহু নদী-উপনদী

Pc The Janambhumi

এতিয়াও বিপদসীমাৰ ওপৰত বহু নদী-উপনদী

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমত ব্ৰহ্মপুত্ৰ, বৰাক আৰু উপনদীসমূহৰ বান পৰিস্থিতি ভয়ংকৰ হৈ আছে।এতিয়াও বিপদসীমাৰ ওপৰত বহু নদী-উপনদী।কেন্দ্ৰীয় জল আয়োগৰ বুলেটিন অনুসৰি, নগাঁও জিলাৰ কামপুৰত কপিলী নদী আৰু নিমাতিঘাট, তেজপুৰ, গুৱাহাটী, কামৰূপ, গোৱালপাৰা আৰু ধুবুৰীত থকা ব্ৰহ্মপুত্ৰ নদী আৰু পুঠিমাৰী, পাগলাদিয়া, বেকি, বৰাক, কুশিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে।বান পৰিস্থিতি জটিল হৈ গৈয়ে আছে।প্রশাসনে উদ্ধাৰ কৰিব নোৱৰা লাখ লাখ লোক এতিয়াও উখ মথাউৰি, পথ আদিত চালি তৰি আশ্ৰয় ল’বলগীয়া হৈছে।কিন্তু তাতো বন্যাৰ্তৰ দুৰ্যোগে লগ এৰা নাই।বহু স্থানত আশ্ৰয় লৈ থকা পথ আৰু মথাউৰিও বাঢ়নী পানীয়ে বুৰাই পেলোৱাত বন্যাতৰ আশ্ৰয় লোৱাৰ বাবেও স্থানৰ অভাৱ ছবিে হৈছে।প্ৰণিধানযোগ্য যে যোৱা ৬ এপ্ৰিলৰ পৰা এই পর্যন্ত ৰাজ্যত হোৱা বান আৰু ভূমিস্খলনৰ বাবে চৰকাৰী তথ্য অনুসৰি মুঠ ৯৬জন লোকৰ মৃত্যু ঘটিছে।কেৱল বছৰৰ দ্বিতীয়টো বান আৰু ভূমিস্খলনতে ৰাজ্যত মৃতকৰ সংখ্যাই অৰ্ধশতক স্পৰ্শ কৰিছে।ইফালে, এতিয়াও লাখ লাখ বানাক্ৰান্তই চৰকাৰী সাহায্য আৰু আশ্ৰয়ৰ আশাত বন্দী হৈ আছে।বহু বানাক্ৰান্ত এলেকালৈ আজিও প্ৰশাসনৰ লোক উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ বাবে যাব পৰা নাই।আনহাতে, বন্যাৰ্তৰ মাজত হাত গুলি সহায় কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশৰ পাছতো প্রশাসনে পর্যাপ্ত সাহায্য প্ৰদান নকৰাৰ অভিযোগ উঠিছে।বহু স্থানত বন্যাৰ্তৰ মাজত সাহায্যৰ নামত ল’ৰা-ধেমালি কৰাৰ গুৰুতৰ অভিযোগো উঠিছে।এসাঁজ খাদ্যৰ বাবে আনকি বন্যাতই সাহায্য বিতৰণ কৰা আৰক্ষীৰ বুটজোতাৰ গোৰ সহ্য কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে অসমত।