এডভান্টেজ আছাম ২.০ৰ প্ৰস্তুতিক লৈ সংবাদমেল সম্বোধন মুখ্যমন্ত্রীৰ

এডভান্টেজ আছাম ২.০ৰ প্ৰস্তুতিক লৈ সংবাদমেল সম্বোধন মুখ্যমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- এডভান্টেজ আছাম ২.০ৰ প্ৰস্তুতিক লৈ দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত মুখ্যমন্ত্ৰীয়েগৰাকীয়ে কয়- এই বিনিয়োগ সন্মিলনৰ দ্বাৰা অসমৰ সৈতে জড়িত হ’ব বহুকেইটা দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান। মোৰ বিশ্বাস আন্দোলন বিবর্জিত শান্তিৰ অসমখনত আমি বহুদূৰ আগবাঢ়ি যাবলৈ সক্ষম হ’ম। যোৱা দুমাহৰ অভিজ্ঞতাৰ পৰা আমি ক’ব খোজো যে শান্তি স্থাপন আৰু আন্দোলন বিবর্জিত পৰিৱেশত যদি আমি কাম কৰোঁ, তেন্তে অসম বহু সোনকালে দেশৰ এক গ্র’থ ইঞ্জিন হৈ পৰিব। মন কৰিবলগীয়া যে ২৫ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়াকৈ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব এডভান্টেজ আছাম ২.০। ইতিমধ্যে এই সন্মিলনৰ বাবে ৩১খন দেশৰ ৰাষ্ট্ৰদূত তথা প্রতিনিধি উপস্থিত থকাৰ কথা স্পষ্ট হৈছে। সেয়াই নহয়, এই সন্মিলনৰ বাবে অভিলেখসংখ্যক ৭ হাজাৰ সৰু-বৰ উদ্যোগ তথা বিশিষ্ট উদ্যোগপতিয়ে নাম পঞ্জীয়ন কৰিছে। গুজৰাটৰ পাছতেই অসমৰ এই বিনিয়োগ সন্মিলনত সর্বাধিক পঞ্জীয়ন হোৱাটো যথেষ্ট লক্ষণীয় দিশ।  মুখ্যমন্ত্রী ড° শৰ্মাই প্রকাশ কৰা অনুসৰি যোৱা দুমাহত এডভান্টেজ আছাম ২.০ক লৈ দেশৰ ভিতৰতে ২০৯খন বৈঠক অনুষ্ঠিত হৈছিল। যোৱা ৬ জানুৱাৰীত নতুন দিল্লীত ১১খন চেম্বাৰ্ছ অৱ কমাৰ্চৰ বৈঠক অনুষ্ঠিত হৈছিল। একেদৰে ৭ জানুৱাৰীত ৩১খন দেশৰ ৰাষ্ট্ৰদূতসকলৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল। তদুপৰি ৪০টা আগশাৰীৰ প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ উপস্থিতিত ৭ জানুৱাৰীত অনুষ্ঠিত হৈছিল বৈঠক। মুখ্যমন্ত্রী ড° শর্মাই কয়- জাপান, দক্ষিণ কোৰিয়া আৰু ছিংগাপুৰত ৰোড শ্ব’ অনুষ্ঠিত কৰি বিনিয়োগৰ বাবে যি আহ্বান জনোৱা হৈছিল, তাৰ ফলত যথেষ্ট আশাপ্রদ সঁহাৰি লাভ কৰিব পৰা গৈছে। বিশেষকৈ জাপান আৰু “ছিংগাপুৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীক যিদৰে আতিথ্য দিয়া হৈছিল সেয়া যথেষ্ট গুৰুত্বপূর্ণ। জাপানৰ সংসদৰ অধ্যক্ষই নিশা আহাৰৰ বাবে মোক নিমন্ত্ৰণ কৰিছিল। এয়া মোৰ বাবে অতি সৌভাগ্যৰ বিষয়। জাপানে অসমৰ সৈতে অতি ওচৰৰ পৰা কাম কৰিব বিচাৰে। একেদৰে ছিংগাপুৰৰ ৰাষ্ট্ৰপতিয়ে মোক সাক্ষাৎ কৰাটো আছিল আন এক উল্লেখযোগ্য বিষয়। ছিংগাপুৰৰ দৰে দ্রুতগতিত বিকাশৰ দিশে আগবঢ়া দেশ এখনে অসমত বিভিন্ন দিশত বিনিয়োগৰ বাবে আগ্রহ প্ৰকাশ কৰিছে। এডভান্টেজ আছাম ২.০ৰ আন এক উল্লেখযোগ্য বিষয় হ’ল যে এইবাৰ সন্মিলনত ইউৰোপিয়ান ইউনিয়ন, বর্ল্ড বেংক, এছিয়ান ডেভেলপমেন্ট বেংক আৰু নিউ ডেভেলপমেন্ট বেংকো উপস্থিত থাকিব। তদুপৰি ইউএছ ইণ্ডিয়া বিজনেছ কাউঞ্চিল, নিউজিলেণ্ড বিজনেছ কাউঞ্চিল, ইউএই ইণ্ডিয়া বিজনেছ কাউঞ্চিল টাইপাই ইক’নমী এণ্ড কালচাৰেল চেণ্টাৰ ইন ইণ্ডিয়াৰ দৰে কেইবাটাও আগশাৰীৰ এজেঞ্চী উপস্থিত থাকিব। ২৫ ফেব্ৰুৱাৰীত এই বৃহৎ বিনিয়োগ সন্মিলনখন প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰাৰ বিপৰীতে সামৰণী অনুষ্ঠানত থাকিব বিত্তমন্ত্রী নির্মলা সীতাৰমণ। বিত্তমন্ত্ৰীগৰাকীৰ উপস্থিতিত দেশৰ বিভিন্ন বেংকৰ প্ৰতিনিধিৰ সৈতে অনুষ্ঠিত হ’ব গুৰুত্বপূর্ণ বৈঠক। এই অনুষ্ঠানলৈ ক্ষুদ্র উদ্যোগী, লাখপতি বাইদেউসকলক আমন্ত্ৰিত কৰা হ’ব। মুখ্যতঃ অসমৰ ক্ষুদ্র উদ্যোগীসকলক উৎসাহিত কৰা আৰু তেওঁলোকে সৰু উদ্যোগ স্থাপনৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিষয়সমূহ আলোচিত হ’ব এই আলোচনা-চক্রত। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তিনি হাজাৰ ৭০০ ক্ষুদ্র উদ্যোগীক লৈ কেইবাখনো জিলাত একে সময়তে আৰম্ভ হ’ব সন্মিলন। এই ক্ষুদ্র উদ্যোগীসকলৰ সৈতে এডভান্টেজ আছাম ২.০ৰ সময়ছোৱাতে বুজাবুজি চুক্তি সম্পন্ন কৰাৰ বাবেও ব্যৱস্থা গ্রহণ কৰা হৈছে। মুখ্যমন্ত্রী ড° শৰ্মাই জানিবলৈ দিয়ে যে এডভান্টেজ আছাম ২.০ত দেশৰ কেইবাজনো আগশাৰীৰ উদ্যোগপতি উপস্থিত থাকিব। এইসকলৰ ভিতৰত থাকিব মুকেশ আম্বানি, গৌতম আদানি, টাটা গ্রুপৰ অধ্যক্ষকে ধৰি ১০গৰাকী শীর্ষ উদ্যোগপতি। তদুপৰি এই সন্মিলনত সহযোগী দেশৰূপে উপস্থিত থাকিব ভুটান, জাপান, অষ্ট্ৰেলিয়া, ছিংগাপুৰ, থাইলেণ্ড, মালয়েছিয়া। সন্মিলনত ফিলিপাইনছ, ফিনলেণ্ড, আইছলেণ্ড, অষ্ট্ৰিয়া আৰু ৰিপাব্লিক কোৰিয়ায়ো উপস্থিত থকাৰ কথা অৱগত কৰিছে। সন্মিলনত ৭ গৰাকী কেন্দ্রীয়মন্ত্রীয়ে অংশগ্রহণ কৰিব। এইসকলৰ ভিতৰত আছে নীতিন গাডকাৰি, জ্যোতিৰাদিত্য সিন্ধিয়া, হৰজিৎ সিং পুৰী, ড° এছ জয়শংকৰ, পীযূষ গোৱেল, অশ্বিনী বৈষ্ণৱ, সর্বানন্দ সোণোৱাল আৰু নিৰ্মলা সীতাৰমণ। এই প্ৰসংগতে মুখ্যমন্ত্রীগৰাকীয়ে কয় যে এডভান্টেজ আছাম ২.০ৰ জৰিয়তে যি পৰিৱৰ্তনৰ আশা কৰা হৈছে সেয়া অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অকলে সম্ভৱ কৰিব নোৱাৰে। ৰাজ্যৰ প্ৰতিজন লোকৰ সহযোগিতা অত্যন্ত জৰুৰী হ’ব। বিগত তিনি বছৰত অসমত যথেষ্ট শান্তি ঘূৰি আহিছে । আন্দোলনৰ পৰিৱেশ নোহোৱা হৈছে । যাৰ বাবে কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব । এইক্ষেত্ৰতো সকলোৰে সহযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব। আনহাতে অসমক লৈ বিদেশী ৰাষ্ট্ৰসমূহৰ মাজত যি এক ভুল ধাৰণা আছে সেয়া আঁতৰ কৰাৰ ক্ষেত্ৰত অসম আন্দোলন বিবর্জিত তথা শান্তিৰ পৰিৱেশৰ মাজেৰে গতি কৰা ৰাজ্য হিচাপে প্রমাণিত হ’ব লাগিব। ইয়াৰ ফলতহে বহু দেশে অসমৰ ক্ষেত্ৰত জাৰি কৰি ৰখা ট্রেভেল এডভাইছ’ৰী বাতিল কৰিব। অৱশ্যে অসমৰ শেহতীয়া পৰিৱেশক লৈ ট্রেভেল এডভাইছ’ৰী বাতিল কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰি আছে। এডভান্টেজ আছাম ২.০ সন্মিলনত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ বাবে বিশেষ ব্যৱস্থা লোৱাৰ কথা তেওঁ জানিবলৈ অদিয়ে। আনহাতে ঝুমুইৰ বিনন্দীয়া প্ৰসংগত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে  ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত বিশাল পৰিসৰত ঝুমুইৰ নৃত্য পৰিৱেশন কৰা হ’ব । ঝুমুইৰ নৃত্যৰ যোগেদি অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগৰ লগতে অসমৰ উদ্যোগিক ইতিহাস উদযাপন কৰা হ’ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিবলগা এই অনুষ্ঠানত বিদেশী ৰাষ্ট্ৰৰ প্রতিনিধিয়েও অংশগ্রহণ কৰিব।