এটি স্তৱক – জেফলিন চুলতানা

PC - naturerelaxation
এটি স্তৱক 
জেফলিন চুলতানা,
ধিং বৰী পথাৰ, নগাঁও
শব্দ বিন্যাস আপোনাৰ
কলম মোৰ
হ’ব জানো আপুনি মোৰ সংগী ?
মই মৌন
আপুনি চঞ্চল
হ’ব জানো আপুনি মোৰ সংগী ?
মই এটি আধৰুৱা কবিতা
আৰু আপুনি শব্দৰে ভৰপূৰ কৰি দিয়া
এটি উজাগৰী নিশাৰ কবিতা
হ’ব জানো আপুনি মোৰ সহযাত্ৰী ?