এটি গীতঃ শৰতৰ – চাৰু বৰুৱা

pc- Sikshya Jyoti

এটি গীতঃ শৰতৰ 


চাৰু বৰুৱা

মেঘ গলি গলি
গলি গলি গলি
মোৰ বুকুলে’ আহিল
সুৰ সৰি সৰি
সৰি সৰি সৰি
মোৰ বুকুতে ভাহিল
অ’ মোৰ মনৰ চৰাই
উৰি উৰি উৰি যা
উৰি উৰি উৰি যা
মোৰ প্ৰিয়ভূমিলৈ মোৰ গাঁৱলৈ ।

সমীৰণে আহি গোপনে চুমিলে
কঁহুৱা নাচনী হ’ল
শ্যামলী পথাৰে চাদৰ মেলিলে
পখীটি ৰচকী হ’ল
অ’ মোৰ ৰঙৰ চৰাই
উৰি উৰি উৰি যা
উৰি উৰি উৰি যা
মোৰ প্ৰিয়ভূমিলৈ মোৰ গাঁৱলৈ ।

এটুপি দুটুপি নিয়ৰ সৰিলে
দূবৰি ধুনীয়া হ’ল
এপাহি দুপাহি শেৱালি সৰিলে
পদূলি পোহৰ হল
অ’ মোৰ বনৰ চৰাই
উৰি উৰি উৰি যা
উৰি উৰি উৰি যা
মোৰ প্ৰিয়ভূমিলৈ মোৰ গাঁৱলৈ ।