এটা আশ্চৰ্যকৰ যাদুঘৰ
ইলোৰা ভাগৱতী
যি জাতিয়ে অতীতক জীয়াই ৰাখিব জানিছে,সেই জাতিয়ে ভৱিষ্যতকো সুৰক্ষিত কৰি ৰাখিব পাৰিছে । নিজৰ ইতিহাসৰ প্ৰতি শ্ৰদ্ধাশীল হ’ব নজনা জাতিৰ ভৱিষ্যৎ সদায়ে বিপদাপন্ন হৈ পৰে । পশ্চিমীয়া সভ্যতাৰ জাতিসত্তাসমূহলৈ আমি যদি চাওঁ , দেখিম ইতিহাসক তেওঁলোকে মূল্য দিব পাৰিছে বা সংৰক্ষিত কৰি ৰাখিব পাৰিছে বাবেই আজি তেওঁলোক মানৱ সভ্যতাৰ অগ্ৰগামী। কিদৰে অতীতৰ স্মৃতিচিহ্নবোৰ সংৰক্ষিত কৰি ৰাখিব পাৰি, অতীজৰ পুথি-পাঁজিবোৰ নতুনকৈ ছপা কৰিব পাৰে –ইতিহাস সংৰক্ষণৰ এনেবোৰ অনুশীলনে তেওঁলোকক কৰি তুলিছে অপ্ৰতিদ্বন্দী । ইংৰাজসকলৰ কথাই ধৰা যাওক ,ভাৰতক শাসন কৰা সময়ছোৱাত তেওঁলোকে নিজৰ স্মৃতিচিহ্নসমূহতো সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিলেই ভাৰতীয় জাতিসমূহৰ ঐতিহাসিক মূল্যৱান স্মৃতিচিহ্নসমূহো লৈ গ’ল তেওঁলোকে । কহিনুৰ –হীৰাৰ পৰা অসমীয়া বৃন্দাবনী বস্ত্ৰলৈ । এইবোৰ তেওঁ ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰি ৰাখিলে যাতে মানৱ ইতিহাসৰ কোনো তথ্য হেৰাই নাযায় । ইয়াৰ বিপৰীতে এনে ইতিহাস সচেতনতাৰ বাৰুকৈয়ে অভাৱ অসমীয়া জাতিৰ । সৰু সৰু ঐতিহাসিক স্মৃতিচিহ্নসমূহৰ কথাতো বাদেই , পুৰণি মঠ-মন্দিৰ বা ৰজাদিনীয়া স্থাপত্য ভাস্কৰ্যসসমূহকে আমি সুৰক্ষা দিব নিবিচাৰো । এইবোৰৰ চৰ্চা কৰাতো দূৰৰ কথা । পিচে অসমীয়া জাতিৰ এনে অসচেতনতা আৰু অদূৰদশিতাৰ বিপৰীতে দুৰ্লভ বড়া এগৰাকী ব্যতিক্ৰমী ব্যক্তি । বড়া শিল্পী মানুহ ,দেহৰ সিৰাই সিৰাই সৃষ্টিশীলতাৰ তেজ। এগৰাকী সুনিপুণ ভাস্কৰ্য শিল্পীৰূপে তেওঁৰ পৰিচিতি দশোদিশে বিয়পিছে । শিৱসাগৰৰ ৰংঘৰ আৰু তলাতল ঘৰৰ সমীপস্থ কাৰেং বৰদুৱাৰমুখত অৱস্থিত তেওঁৰ এক আশ্চৰ্যকৰ যাদুঘৰ ‘উত্তৰণ যাদুঘৰ ’। ব্যক্তিগত উদ্যোগত একক চেষ্টাৰে ২০০৮ চনৰ জানুৱাৰীত বড়াই গঢ়ি তোলা এইটো উত্তৰ –পূবৰ ভিতৰতে প্ৰথম বিজ্ঞানসন্মত পৰিকল্পিত ব্যক্তিগত যাদুঘৰ । বড়াৰ প্ৰতিভা বহুমুখী । অভিযন্তাৰূপে চৰকাৰী চাকৰিজীৱী হ’লেও তেওঁৰ বিচৰণ সৃষ্টিশীলতাৰ পৃথিৱীত । তেওঁ একাধাৰে গৱেষক, স্থাপত্যবিদ ,ভাস্কৰ্য শিল্পী , চিত্ৰকৰ আৰু লেখক। দুৰ্লভ বড়াৰ জন্ম শলগুৰি মৌজাৰ কহাৰ গাঁৱত । এটি সংস্কৃতিৱান পৰিয়ালত জন্ম বড়াই সৰুৰে পৰা শিল্প সাধনাত ব্ৰতী হৈ আহিছে । নিজৰ গাঠিঁৰ ধন ভাঙি গঢ়ি তোলা এই বিৰল যাদুঘৰটোত বিগত কেইবা শতিকাৰ অমূল্য বয়বস্তু সংৰক্ষণ কৰা হৈছে । স্বাভাৱিকতে যাদুঘৰটো এটি নিৰ্ভৰযোগ্য গৱেষণা কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে । কেৱল বয় –বস্তুৱেই নহয় , কীট –পতংগ বা সৰু-সুৰা জীৱ –জন্তুৰো জীৱাশ্ম ৰখা হৈছে উত্তৰণ যাদুঘৰত । লাহে লাহে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱা এই যাদুঘৰলৈ নিয়মিত আহিবলৈ লৈছে বিদেশী পৰ্যটক আৰু গৱেষকো ।
উত্তৰণৰ সমাজ পৰিচালনাৰ বাবে প্ৰয়োজন হোৱা প্ৰতিবিধ দিশৰেই সমল সংগৃহীত হৈ আছে । বয়ন শিল্প ,কৃষি , চাৰু কলা ,যুদ্ধৰ আহিলা ,পুথি –পাঁজি ,মুদ্ৰা ,বাদ্যযন্ত্ৰ , সকলো জাতি –জনগোষ্ঠীৰ প্ৰায়বিলাক সম্পদ ,বিভিন্ন প্ৰজাতিৰ গছৰ গুটি ,বিভিন্ন শিল ,বালি ,বিভিন্ন টুকুৰি ,বিভিন্ন দা ,মাছধৰা সঁজুলি , তাঁতশালৰ সঁজুলি ,সাঁচিপতীয়া পুথি , মূৰ্তি ,উত্তৰ- পূৰ্বাঞ্চলৰ বিভিন্ন লোকশিল্প ,অসমৰ কেই বাশ ঐতিহাসিক পুখুৰীৰ পানীৰ নমুনা , পাহৰণিৰ বুকুত হেৰাই যোৱা পুৰণি দিনৰ বাচন –বৰ্তন ,বিভিন্ন জাতি –জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ ,শতাধিকাৰো ওপৰৰ গছৰ গুটি ,ভিন্নপ্ৰকাৰৰ ধানৰ থোককে আদি কৰি বহুত বস্তুৱে উত্তৰণৰ জেউতি চৰাইছে । তদুপৰি ছশ বছৰীয়া ৰাজত্বলৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহকে আদি কৰি বহুতো ঐতিহাসিক সমলো সংগৃহীত হৈ আছে । সেইদৰেই উত্তৰণত ঔদ্যোগিক সা-সামগ্ৰী , টাইপ মেচিন ,গ্ৰামোফোনৰ পৰা আৰম্ভ কৰি এশ বছৰৰো ওপৰ হ’বলৈ যোৱা চিনেমা প্ৰযেক্টৰলৈকে জিলিকি আছে । তৃতীয় মহলাৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত । এই মহলাত বিভিন্ন জনজাতিৰ কাপোৰৰ পৰা আদি কৰি পুৰণি ৰংপুৰ দেখিবলৈ পাব দৰ্শনাৰ্থীয়ে । দূৰবীণেৰে প্ৰত্যক্ষ কৰাৰ সুবিধা প্ৰদান কৰি উত্তৰণৰ পৰাই ৰংপুৰৰ প্ৰতিটো চুক চিনাকি কৰাই পৰ্যটনৰ বতৰত অনুসন্ধিৎসুসকলৰ বাবে প্ৰেৰণাৰ সমল হ’ব ।
ভাস্কৰ্যশিল্পী দুৰ্লভ বড়াদেৱক আৰ্কিটেক ইঞ্জিনীয়াৰ বুলি ক’লেও বোদকৰো বঢ়াই কোৱা নহ’ব । যিহেতু উত্তৰণৰ যাদুঘৰটো বড়াদেৱে নিজৰ মাটিত নিজে নক্সা বনাই নিজ হাতেৰে ইটা ,বালি ,চিমেণ্ট টাইলছ লগাই সাজি উলিয়াইছিল । চাৰি হলাৰ এই যাদুঘৰটো দেখিলে আচৰিত লাগে যে ইমান সুন্দৰকৈ নিজ হাতেৰে তেখেতে কেনেদৰে সাজিছে । যিহেতু যিহেতু যাদুঘৰৰ নক্সা আদি সকলো পৰিকল্পনা বড়াদেৱৰ । সেয়ে উত্তৰণৰ প্ৰতিটো অংশই বড়াদেৱৰ সংস্কৃতিবান মনৰ এজন ভাস্কৰ্যশিল্পীৰ হাতৰ পৰশৰৰ প্ৰতিফলন কৰে ।
বডা়দেৱৰ চাকৰিৰ পৰা অৱসৰ লোৱা কেইবা বছৰই হ’ল । নিজৰ মাটিত ৩৬ বছৰে নিজৰ সমস্ত গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰা যাদুঘৰটোত কিমান টকা খৰচ হৈছে বিলি কোৱাটো অসম্ভৱ । এটা পৰিয়ালৰ অৰ্জনৰ সম্পূৰ্ণ উচৰ্গা কৰিছে যাদুঘৰটোত । কিন্তু এতিয়াও প্ৰকল্পটো সম্পূৰ্ণৰূপে নিৰ্মাণ হ’বলৈ বহুতো বাকী । চিত্ৰ-ভাস্কৰ্যৰ সংগ্ৰহালয় , প্ৰজ্ঞালয় , পুথিভঁৰাল ,উকুলি –মুকুলি শিশু গৃহ ,মাইহাং ,ভোজনালয় ,মুকলি বক্তৃতা কক্ষ আৰু নিৰীক্ষণ স্তম্ভ আদি পৰিকল্পনা আছে , কিন্তু সকলো সম্পূৰ্ণ হৈ উঠিবৰ বাবে বহুখিনি মূলধনৰ প্ৰয়োজন । চৰকাৰী সাহাজ্য বুলিবলৈ মাত্ৰ পঞ্চাশ হেজাৰ টকা ( ২০০৬)।
কিন্তু শুভাকাংক্ষীয়ে অৰ্থ সাহাজ্য দিছে যদিও উত্তৰণৰ কাম সম্পূৰ্ণ কৰিবৰ বাবে অতি তাকৰ । বড়াদেৱৰ পত্নী তৰামণি বড়াই তেখেতৰ লগত ছাঁটোৰ দৰে থাকি প্ৰতিক্ষেত্ৰতে ইটা দঙাৰ পৰা টাইলছৰ নক্সা বনোৱালৈকে আদি কৰি যাদুঘৰটোৰ সকলো কামতে সহায় কৰি আহিছে । দুই পুত্ৰ আকাশ আৰু বিকাশেও বড়াদেৱৰ লগত প্ৰতিটো ক্ষেত্ৰতে সহায় কৰি আহিছে । উত্তৰণ যাদুঘৰ এজন শিল্পীৰ একক প্ৰচেষ্টাৰ এক উৎকৃষ্ট নিদৰ্শন । উত্তৰণ যাদুঘৰটোৰ স’তে এগৰাকী শিল্পীৰ ত্যাগ , প্ৰতিভা আৰু সাধনা কেনেদৰে জড়িত হৈ আছে ,সেয়া নেদেখাজে উপলদ্ধি কৰাটো কঠিন । উত্তৰণ যাদুঘৰত কি আছে এবাৰ আহি চাওক আৰু যাদুঘৰটোৰ প্ৰাণদাতাজনৰ জীৱনটো অন্য ব্যক্তিসকলতকৈনো কি বেলেগ উপলব্ধি কৰক । শিল্পীগৰাকীৰ এই কৰ্মই সফল ৰূপ তেতিয়াহে লাভ কৰিব, যেতিয়া সকলোৱে উত্তৰণ যাদুঘৰৰ গুৰুত্ব উপলব্ধি কৰিব ।