এজাক শিশুৰ কলৰৱ আৰু এটি মধুৰ ক্ষণ
ফখৰুদ্দিন আহমেদ
প্ৰায় দুসপ্তাহমান পূৰ্বে এদিন ৰাতিপুৱা ফোনটো বাজি উঠাত চাই দেখিলোঁ মোৰ একালৰ প্ৰিয় ছাত্ৰ আৰু সাম্প্ৰতিক সময়ৰ মোৰ এগৰাকী বিশ্বস্ত বন্ধু ছফিকুৰ ৰহমানৰ ফোন।ফোনটো ধৰাত সম্ভাষণ জনাই মোক কোৱা কথাখিনিৰ মূল সাৰমৰ্ম এই যে বৃহত্তৰ সানোৱা অঞ্চলৰ উঠি অহা প্ৰজন্মক লৈ দেখা সপোনৰ ভিত্তিত গঢ় লৈ উঠা “বহ্নিমান আৰ্ট স্কুল” ৰ চলিত বৰ্ষৰ ২৮ মে তাৰিখ ৰবিবাৰে ৰাতিপুৱা ১০-০০ বজাত অনুষ্ঠিতব্য পুৰষ্কাৰ বিতৰণী আৰু সম্বৰ্ধনা সভাত কিছু সময় দিব লাগে। শিশুৰ সৈতে সময় কটাই মই বহুত ভাল পাওঁ। সেই কাৰণেই মই সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ প্ৰায় আবেলি যাও আৰু তাত ফুটবল খেল খেলি থকা কিশোৰ সকলৰ লগত অঙশ গ্ৰহণ কৰো। অৱশ্যে সেই কিশোৰ সকলৰ বেছি ভাগেই মোৰ ছাত্ৰ। মই সিহঁতৰ সৈতে ফুটবল খেলিলে খুব ফুৰ্টি লাভ কৰে। ছাত্ৰ-ছাত্ৰী সকলৰ দৃষ্টিত মই এগৰাকী বৰ কঠোৰ অনুশাসন মানি চলা শিক্ষক হিচাপে পৰিচিত। কিন্তু প্ৰায়েই আবেলি বিলাকত এই মনোভাৱৰ পৰা সিহঁতে মোক মুক্ত কৰি দিয়ে। দুকুৰি এঘাৰ বছৰ অতিক্ৰম কৰা মোৰ জীৱনটোলৈ উভতি চালে দেখা পাওঁ এই শৈশৱ আৰু কৈশোৰ কাল দুটিয়েই আছিল সপোন দেখা আৰু কোনো ধৰণৰ চিন্তা ভাৱনা নকৰাকৈ পাৰ কৰা কাল ।মানে আজিৰ যুৱ চামৰ পৰিভাষাত “বিন্দাছ’ ভাৱে পাৰ কৰা কেৱল আনন্দময় সময়বোৰৰ সফল সমীকৰণ সদৃশ। ছফিকুৰক একে আষাৰেই কথা দিছিলো আৰু নিৰ্দিষ্ট তাৰিখৰ দিনা প্ৰায় এঘন্টামান পলমকৈ সভাৰ স্থানত উপস্থিত হৈছিলো গৈ।
সভাৰ স্থান মানে মই পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ পঢ়া আৰু বৰ্তমানৰ কৰ্মময় জীৱনৰ স্থান সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত উপস্থিত হৈ নিজকে ধন্য মানিলো। বিগত সোমবাৰৰ পৰা শনিবাৰলৈ বিদ্যালয়খনত উপস্থিত থাকি নিজৰ কৰ্তব্য পালন কৰাৰ পিছত আহৰি পোৱা বন্ধৰ দিনটোত মানে ৰবিবাৰেও পুনৰ আহিবলগা হ’ল।
তেতিয়া দিনৰ প্ৰায় ১১-০০ মান বাজিছিল। সেই সময়ত বিদ্যালয়ৰ সমূখ ভাগত থকা মঞ্চখনত প্ৰায় ২০/২৫ জনীয়া শিশুৰ দলে চাউণ্ড চিষ্টেমত বাজি গানৰ তালে তালে এগৰাকী প্ৰশিক্ষকক অনুসৰণ কৰি নাচ শিকাত ব্যস্ত হৈ আছে। পিছত জানিব পাৰিছিলো যে প্ৰশিক্ষক গৰাকীৰ নাম নৱজ্যোতি চহৰীয়া। ঘৰ ছিপাঝাৰ ষ্টেচনৰ ওচৰত। তাৰ পিছত মই বিদ্যালয়ৰ উত্তৰ সীমাত পূবা পশ্চিমাকৈ থকা গৃহৰ দৰ্জা খোলা থকা দেখি তালৈ গ’লো। তাত গৈ দেখিলোঁ দুগৰাকী প্ৰশিক্ষকে ৩০ তকৈ অধিক ছাত্ৰ ছাত্ৰীক আৰ্ট শিকাই আছে। সেই প্ৰশিক্ষক দুগৰাকীৰো পৰিচয় পিছলৈ জনা মতে এগৰাকীৰ নাম অৱনী কলিতা আৰু আনগৰাকীৰ নাম ডিম্পোল ডেকা।
প্ৰশিক্ষণৰ অন্তত এক অনন্য পদ্ধতিত উক্ত সভাখনি আৰম্ভ হ’ল। তেতিয়ালৈ সভাখনিলৈ আমন্ত্ৰিত আন এগৰাকী বিশিষ্ট ব্যক্তি , স্থানীয় আন এখনি শিক্ষানুষ্ঠান জয়মতী কুঁৱৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, মোৰ বিশিষ্ট বন্ধু ইকবাল হুছেইনো সভাত উপস্থিত হৈছিল। সভাখনিত আমি কোনেও বহা নাছিলো। থিয় হৈ থকা অৱস্থাত সভা আৰম্ভ হৈ কাৰ্যসূচী সমূহ সফলতাৰে সম্পন্ন হৈছিল। সকলোৱে চমু চমুকৈ বক্তব্য ৰাখিছিল। মই বক্তব্যত কৈছিলো যে ইছলাম ধৰ্মীয় দৃষ্টিভঙ্গীৰে নাচ গানৰ ক্ষেত্ৰত কিছুমান বাধ্যবাধকতা আছে যদিও পোচাক পাতিত শালীনতা বৰ্তাই ৰাখিলে তাত বৰ বিশেষ ভাৱে কবলগীয়া নাথাকে।লগতে এই বিলাকৰ সমানুপাতিক ভাৱে দৈনন্দিন জীৱনৰ কৰ্ম , শিক্ষা আদি আহৰণত অভিভাৱক সকলে বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিব লাগিব। নৃত্য-গীতৰ যিবোৰ অনুষ্ঠানত বিশেষকৈ পোচাক পাতিত শালীনতা নাথাকে তেনে অনুষ্ঠানৰ পৰা শিশু আৰু কিশোৰ সকলকেই নহয় , সেয়া সকলোৱে বয়কট কৰি চলা কৰ্তব্য।
তাত উপস্থিত থকা বিশেষকৈ শিশুসকলৰ গীত-মাত আৰু অন্যান্য দিশৰ প্ৰতিভা দেখি বাৰুকৈয়ে অভিভূত হলো। সেই অনুষ্ঠানটিত হঠাতে আহি উপস্থিত হোৱা অসমীয়া ছিৰিয়েলৰ এগৰাকী অভিনেত্ৰী তথা প্ৰসিদ্ধ ইউটিউবাৰ মধুস্মিতা টুইঙ্কলক লগ পাই উপস্থিত শিশু সকল আনন্দত আত্মহাৰা হৈ পৰিছিল।
এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে সৰুকালিৰ পৰা এক নিৰ্দিষ্ট পথেৰে নৱ প্ৰজন্মক সঠিক ভাবে আগভঢ়াই নিব পৰা যাব বুলি আশা কৰিব পাৰি। ‘বহ্নিমান আৰ্ট স্কুল ‘ সছাকৈয় পোহৰাই তোলক তাত প্ৰশিক্ষণ ৰত শিশু সকলৰ জীৱন।