এজন কলেজ প্ৰবক্তাকে ধৰি ৬ ব্যক্তি জড়িত আছিল ধলপুৰৰ হিংসাৰ আঁৰত
অনলাইন বাৰ্ত্তাসেৱা – চোৰাংচোৱাই আহৰণ কৰা তথ্য অনুসৰি ধলপুৰৰ হিংসাৰ আঁৰত ৬ ব্যক্তি। আহৰণ কৰা এই তথ্য মতে, সংঘটিত হোৱা গৰুখুঁটি কাণ্ডৰ ষড়যন্ত্ৰত জড়িত আছে আমছু, পপুলাৰ ফ্ৰণ্ট অব্ ইণ্ডিয়া (পি. এফ. আই.), কেম্পাছ ফ্রণ্ট অব্ ইণ্ডিয়া (চি. এফ. আই.)ৰ পাঁচ সদস্য আৰু এজন কলেজ প্ৰবক্তাকে ধৰি ৬ ব্যক্তি। এই কথা প্রকাশ কৰে চোৰাংচোৱা বিভাগৰ এক বিশেষ সূত্রই। উক্ত ঘটনাৰ ষড়যন্ত্ৰকাৰী হিচাপে চোৰাংচোৱাই চিহ্নিত কৰা ব্যক্তিকেইজন হৈছে দৰঙৰ আমছু নেতা আইনুদ্দিন, আব্দুৰ ৰহমান বিশ্বাস, ইতিহাদ (আই. টি. ই. এইচ. এ. ডি.) ফ্ৰণ্টৰ নুৰ ইছলাম, জিয়াৰুল হক, পি. এফ. আই.ৰ ছৰিফুল ইছলাম আৰু খাৰুপেটীয়া কলেজৰ প্ৰবক্তা নাজিৰ হুছেইন সৰকাৰ ৷ চোৰাংচোৱা সূত্ৰটোৱে আৰু জানিবলৈ দিয়া মতে, আমছুৱে উচ্ছেদ অভিযান বন্ধৰ নামত অঞ্চলটোৰ গৰিব-দুখীয়া লোকসকলৰ পৰা বিগত সময়ছোৱাত ২৮ লাখ টকা সংগ্ৰহ কৰিছিল। ইপিনে ধলপুৰৰ গৰুখুঁটিত হিংসাত্মক ঘটনাৰ আঁৰত পি. এফ. আই., চি. এফ. আই. সদস্য আৰু এজন কলেজৰ প্ৰবক্তা জড়িত থকাৰ বিষয়ে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰকাশ কৰা অনুসৰি সেই অঞ্চলৰ গৰিব, দুখীয়া বেদখলকাৰীসকলক উচ্ছেদৰ পৰা ৰক্ষা কৰাৰ নামত যোৱা তিনি মাহৰ ভিতৰত ২৮ লাখ টকা সংগ্ৰহ কৰা হৈছিল। তেওঁলোকে চৰকাৰক উচ্ছেদ চলোৱাৰ পৰা বিৰত ৰখাৰ নামত সেই ধন আদায় লৈছিল। কিন্তু চৰকাৰে উচ্ছেদ অভিযান চলোৱাত ৬ ব্যক্তিয়ে ষড়যন্ত্ৰ কৰি সেই দিনা সংঘৰ্ষৰ ঘটনাটো সংঘটিত কৰে। ঘটনাৰ দিনা গোসাঁইগাঁও, কোকৰাঝাৰৰ পৰা অঞ্চলটোলৈ খাদ্য সামগ্রী বিতৰণৰ বাবে পি. এফ. আই.ৰ দল এটা আহে। সেই দলটোৱে এটা সময়ত গৰুখুঁটিত উপস্থিত হৈ ৰাইজক উচটনি দিয়ে। ৬০টা বেদখলকাৰী পৰিয়ালৰ বিৰুদ্ধে সেই দিনা প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছিল। কিন্তু তাত উচ্ছেদৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে সমৱেত হৈছিল ১০ হাজাৰ লোক। চৰকাৰে ইতিমধ্যে সেই দিনাৰ ঘটনাৰ বাবে ঘোষণা কৰিছে ন্যায়িক তদন্ত।