এচিএছ বিষয়া নন্দিতা কোঁৱৰক চাকৰিৰ পৰা বৰ্খাস্ত

এচিএছ বিষয়া নন্দিতা কোঁৱৰক চাকৰিৰ পৰা বৰ্খাস্ত

ৰঙিলী বাৰ্ত্তাসেৱা- এচিএছ বিষয়া নন্দিতা কোঁৱৰক চাকৰিৰ পৰা বৰ্খাস্ত।বিহাৰ আৰু ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল প্ৰয়াত দেবানন্দ কোঁৱৰৰ কন্যা হৈছে নন্দিতা কোঁৱৰ।দেৱানন্দ কোঁৱৰ তৰুণ গগৈ চৰকাৰৰ প্ৰথমটো কাৰ্যকালত ২০০১ত বিত্ত মন্ত্ৰী আছিল।২০১৭ চনৰ ১৬ মাৰ্চত উৎকোচ লৈ হাতে–লোটে গ্ৰেপ্তাৰ হৈছিল নন্দিতা কোঁৱৰ।এটা পথ নিৰ্মাণৰ কামৰ বাবে এজন ঠিকাদাৰৰ পৰা ২০,০০০টকা উৎকোচ লৈছিল।সেই সময়ত জিলা গ্ৰাম্য উন্নয়ন কামৰূপ (মেট্ৰ’)ৰ প্ৰকল্প সঞ্চালক আছিল নন্দিতা কোঁৱৰ।নন্দিতা কোঁৱৰক দুৰ্নীতি নিবাৰণ আইন (পিচি) ১৯৮৮ৰ ধাৰা ৭,১৩((১) ৯ডি) আৰু ১৩(২)ৰ অধীনত গ্ৰেপ্তাৰ কৰি বিশেষ আদালতত হাজিৰ কৰোৱাৰ পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।উৎকোচ কাণ্ডত দোষী সাব্যস্ত হোৱাৰ পিছত ৰাজ্য চৰকাৰে নন্দিতা কোঁৱৰক বৰ্খাস্ত কৰে।