এগছি চাকি নুমাই গ’ল – এছ ইছলাম

PC - ASSAM TIMES POST
এগছি চাকি নুমাই গ’ল
এছ ইছলাম, বৰপেটা
কোন কাৰ জগতৰ
চকুৰ চিনাকি মাথোঁ দুদিনৰ,
হঠাৎ লগ পাইছিলোঁ
গুৱাহাটীত আৰু চাবৰ
সময় নহ’ল
এগছি চাকি নুমাই গ’ল।
সাহিত্য জগতৰ
এটি উজ্জ্বল তাৰকা
সাহিত্য অকাডেমি বঁটা প্ৰাপক
কাব্য সাধক
আজি আমাৰ মাজৰ পৰা
অনন্ত ধামলৈ
নীৰৱে গুচি গ’ল।
সাহিত্য জগতৰ কাণ্ডাৰী
জ্ঞানপীঠ বঁটা বিজয়ী
মৃদুভাষি মহীৰূহ পদ্মশ্ৰী
কাব্য সাধক নীলমনি ফুকন দেৱৰ
পৰলোক গমন
অসমীয়া কাব্য জগতৰ
আজি সকলোৱে ম্ৰিয়মান।