এখন বিয়াই দেখুৱাইছে আদৰ্শ

Pc The Janambhumi

এখন বিয়াই দেখুৱাইছে আদৰ্শ

ৰঙিলী বাৰ্ত্তাসেৱা-  যি সময়ত সমাজত শাহু-বোৱাৰীক লৈ যি সংঘাত চলে তাৰ বিপৰীতে এখন বিয়াই দেখুৱাইছে আদৰ্শ।মঙ্গলদৈৰ পৰাগ নগৰত দেখা গ’ল এখন ব্যতিক্ৰমী বিয়া।কিন্তু এই বিয়া খন এতিয়া সামাজিক মাধ্যমত বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে।সমাজৰ বাবে এই বিয়াখনে দেখুৱাইছে আদৰ্শ।বৰপুত্ৰৰ মৃত্যুৰ পাছত বিধৱা বোৱাৰীয়েকক সৰু পুত্ৰৰে বিয়া পাতি দিলে শাহু-শহুৰে।মঙ্গলদৈ পৰাগ নগৰৰ জুলা চলিহা আৰু বংশীধৰ চলিহাৰ বৰ পুত্ৰই চলিত বৰ্ষৰ জানুৱাৰী মাহত ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল।যাৰ ফলত বিধবা হৈছিল কম বয়সীয়া বোৱাৰী গৰাকী।কিন্তু বোৱাৰীক শাহু-শহুৰে নিজ ছোৱালীৰ দৰে সকলো সময়তে দি গৈছিল মনোবল।অৱশেষত তেওঁলোকে আলোচনা কৰি সৰু পুত্ৰক দিলে বোৱাৰীক বিয়াৰ প্ৰস্তাৱ।বোৱাৰীৰ পৰাও বিচাৰিলে সন্মতি।দুয়ো মান্তি হোৱাত দুয়োৰে সৰ্বসন্মতি সাপেক্ষে জ্যোতিপ্ৰসাদ চলিহা আৰু বোৱাৰী বন্দনা চলিহাৰ বিয়া পাতি দিলে।মঙ্গলদৈ সনাতন ধৰ্ম সভাৰ বিষ্ণু মন্দিৰত মাল্যাৰ্পন কৰি দুয়োৰে বিবাহ সম্পন্ন কৰা হয়।এই বিয়াক লৈ জুলা চলিহা আৰু বংশীধৰ চলিহাৰ সৰু পুত্ৰ জ্যোতিপ্ৰসাদ চলিহা আৰু বোৱাৰী বন্দনা চলিহা দুয়ো সুখী।উল্লেখযোগ্য যে এই বিয়া খন চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতেই বিভিন্নজনে তেওঁলোকৰ দাম্পত্য জীৱন সুখৰ হোৱাৰ কামনাৰে শুভেচ্ছা জনাইছে।