এখন পথাৰৰ সপোন – পুলিন ডেকা

PC-Pexela

এখন পথাৰৰ সপোন

পুলিন ডেকা

সোণালী সূৰুযৰ পল্লৱিত ৰেঙনিত

প্লাৱিত হ’ল এখন পথাৰৰ সপোন

গোমা গধূলিত ছাটি-ফুটি ফুৰা নৈৰ পানীৰ

তন্ময়ী সোঁতত জিলিকি আছে কেইটামান তৰা

মৰ আউসীৰ ৰাতি ভোকৰ কলমলনি

নিঃশব্দ সুৰত উতনুৱা নিলাজী বনৰ শিপা

উভতি অহা ডাৱৰৰ প্ৰেমত মছগুল

বতাহজাকত এজাক মুষলধাৰ বৰষুণৰ কি যে নৃত্য

জলমগ্ন ৰাজআলিত খেলি আছে কেইজনীমান চৰায়ে

অশীতিপৰ বৃদ্ধৰ চকুহালত

টিপচাকিৰ এন্ধাৰ জিলিকিছে

অনাথ সময়ৰ নগ্নতাত ফুলিছে কলিজাৰ কাঁইট

সেউজীয়া উশাহত বোকাময় শূন্যতা

কিদৰে উটুৱাই লৈ গ’ল

বুকুৰ চট্‌ফটনি

নৈখনৰ দিঠকে বাৰু কাক জ্বলাইছে

পথাৰৰ কলিজাত নে ভেটি উছন হোৱা সময়ক

নে সীৰলুত ডুব যোৱা তৃণময় চকুত

তন্ময়তাত নিথৰ নোহোৱা প্ৰতিটো বাৰিষা

কাৰ হাতত বাৰু ফুলি উঠে উদঙীয়া খোজ

আঁৰলত গোপনে বাঢ়ি অহা

সোঁৱৰণীত ঢৌ খেলি আছে ডাৱৰীয়া আকাশৰ

ৰামধেনু।