এক মিনিটৰ গল্প#
–কৌশল্যা বৰা
দেৰগাঁও
# ৰঙা ৰ’দ #
ৰাজ্যিক বেংকৰ শাখা পৰিচালক দত্তই ছয়বছৰীয়া ল’ৰাটোৰ সকলো জঞ্জাল মাৰি নিজে চাকৰি কৰাৰ সমস্যা খিনি দেখিয়েই আত্মীয় সকলে তেওঁক ২য় বিবাহৰ বাবে সন্মত কৰালে। ২য় পত্নী জুৰি আহি ঘৰ সোমোৱাৰ পিছ দিনাই দত্তই তেওঁৰ পুত্ৰ চুমুক ক’লে-‘আজিৰ পৰা এইয়া তোমাৰ মা দেই চুমু। ‘
স্বপ্লভাষী জুৰিয়ে লগে লগে ক’লে, -‘তুমি মোক তাৰ মাকৰ আসনত নবহুৱাবা। অন্যৰ সন্তানৰ মাক হোৱাটো ইমান সহজ নহয়। মই মাহীমাক হৈয়ে তাৰ সতে থাকিম।’-৩/৪ বছৰতে আইতাকৰ পৰা তেজীমলাৰ সাধু শুনি মাহীমাক বুলিলেই ভয়ত টোপনি আহি চেপেটা লগা চুমুৰ সন্মুখত জীৱন্ত মাহীমাকৰ এই কলিজা-কপোঁৱা উক্তিত দত্তৰ অৱস্থা এচাৰিৰ মূৰত বগোৱা কেৰেলুৱাৰ দৰেই হ’ল। সকলো অদৃশ্য জনৰ ওপৰত সমৰ্পণ কৰাৰ বাদেতো কোনো ৰাস্তা নাই এতিয়া তেওঁৰ। তেনেহলে দত্ত হ’ব এতিয়া এখন সংবেদনশীল নাটকৰ নীৰৱ দৰ্শক। অকনমান আহৰি পালেই চুমুৰ চকুহাল পঢ়ে ভালকৈ, মাহীমাকৰ অত্যাচাৰৰ কিবা ইঙ্গিত আছে নেকি! মাৰ্চ মাহ ,বেংকৰ পৰা ৰাতি ১২-০০বজাত আহি পাই দত্তই ভিতৰলৈ গৈ দেখিলে-বিচনাত চুমুক বুকুত সাবটি ধৰি জুৰিৰ লাল-কাল টোপনি।বেড -টেবুলত সি খাই উঠা ভাতৰ কাঁহি আৰু পঢ়ুৱাই সামৰি থোৱা কিতাপ। ডাৱৰে ঢাকি ৰখা মেঘৰ পৰা ক’লা ডাৱৰ খিনি আঁতৰি গ’লে ওলোৱা দিনান্তৰৰ ৰঙা ৰ’দ এচেৰেঙাৰ দৰেই জুৰিৰ বাৎসল্য প্ৰেমে জিলিকাই তুলিলে দত্তক বাহিৰে-ভিতৰে। জুৰিক লাহেকৈ তেওঁ জগাই দি শুধিলে–‘আৰু এটা কেচুৱা নালাগে—-? ‘এখন সঁচা আৰু সৰল অন্তৰৰ গৰাকীনী জুৰিয়ে মৃদু হাঁহিৰে উত্তৰ দিলে–‘লাগিব, কিয়নো আমাৰ অবিহনে ভৱিষ্যতে চুমু একেবাৰেই অকলশৰীয়া হৈ যাব—। ‘জুৰিৰ হাঁহিত নাৰীৰ প্ৰাচীনতম অথচ চিৰ নতুন আমন্ত্রণ।