একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব বড়ো ভাষাঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

PC -NDTV.com

একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব বড়ো ভাষাঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা –  তামুলপুৰ জিলাৰ কচুবাৰীত অনুষ্ঠিত বড়ো সাহিত্য সভা অধিৱেশনৰ আজি অন্তিম দিন।বড়ো সাহিত্য সভা অধিৱেশনত বড়ো ভাষাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা৷এতিয়াৰে পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব বড়ো ভাষা।সভাত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “আজি আমাৰ বাবে গৌৰৱৰ দিন।অসমৰ কোনো জনগোষ্ঠীয় সাহিত্য সভালৈ অহা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হ’ল ৰামনাথ কোবিন্দ।অসমৰ এক বৃহৎ জনগোষ্ঠী হ’ল বড়ো জনগোষ্ঠী।আমি ভাষা গৌৰৱ আঁচনিৰ জৰিয়তে বড়োৰ লগতে অন্যান্য জনগোষ্ঠীৰ ভাষাক আগবঢ়াই লৈ গৈ আছো।এতিয়াৰে পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীত বড়ো ভাষাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ’ব।বড়ো ভাষাক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈও নিয়া হ’ব।অসমৰ বড়ো জনসংখ্যা থকা প্ৰতিখন জিলাতে একোটাকৈ বড়ো সাহিত্য সভা কাৰ্য্যলয় নিৰ্মাণৰ বাবে ৫০ লাখকৈ অনুদান দিম।”