“একবিংশ শতিকাৰ সভ্য সমাজতো মহিলা যুৱতীৰ ওপৰত এনে নৃশংসতা” – মানসী মিশ্ৰ

pc EastMojo

একবিংশ শতিকাৰ সভ্য সমাজতো মহিলা যুৱতীৰ ওপৰত এনে নৃশংসতা (চিন্তনীয়)

মানসী মিশ্ৰ

            সঁচাকৈয়ে ঘটনাবোৰ এনেকৈয়ে ঘটি যায়। মানুহৰ হৃদয়বোৰ ভাঙি থৈ যায়, একোটা পৰিয়াল নিঃশেষ কৰি থৈ যায় পৰিয়ালবোৰে। হয়তো নন্দিতা শইকিয়া নামৰ মৰমলগা প্ৰতিভাৱান ছাত্ৰীগৰাকীৰ এই ভয়াবহ ঘটনাও এইদৰেই ঘটি গ’ল সমাজখনত যিটো ঘটনাৰ নিষ্ঠুৰতাই সমগ্ৰ সমাজখনকেই চুই গৈছে, জোকাৰি গৈছে সকলো সচেতন  ব্যক্তিৰ বিবেক আৰু মন। কোনো দোষ নথকাকৈ, কোনো অপৰাধ নকৰাকৈ এগৰাকী নিৰ্দোষী ছাত্ৰীয়ে অকালতে পৃথিৱীৰ পৰা বিদায় লব লগীয়া হোৱাতো যে কিমান দুখজনক, কিমান বেদনাদায়ক সেয়া সকলোৱে উপলব্ধি কৰিব পাৰিছে।

            এক সম্ভাৱনা লৈ তাই পৃথিৱীলৈ আহিছিল। এপাহি ৰঙা গোলাপ হৈ তাই ফুলিব খুজছিল। কিন্তু কালৰ কুটিল  হাতোৰাৰ চেপাত তাই সম্পূৰ্ণ ৰঙা গোলাপ হৈ ফুলিবলৈ নাপালেই। ৰঙা গোলাপৰ কলিটি আধাতে মৰহি গ’ল। এটি সম্ভাৱনাৰ অকাল মৃত্যু হ’ল। ৰাজ্যখনে হেৰুৱালে এক মানৱ সম্পদক। সৰুৰে পৰাই অত্যন্ত মেধাৱী নন্দিতা সেয়েহে সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তিৰ্ণ হৈ স্থানীয় মহাবিদ্যালয়খনত মেজৰ বিষয়ৰ পাথ্যক্ৰম নথকা হেতুকে আঁতৰৰ মৰিঢল মহাবিদ্যালয়লৈ গৈছিল নিজৰ সপোন পূৰাবলৈ। হিন্দী বিষয়ক মেজৰ পাথ্যক্ৰম হিচাপে লৈ অধ্যয়ন কৰি আছিল। কেৱল যে পঢ়াশুনাতে বুৎপত্তি লাভ কৰিছিল এনে নহয়। সৰুৰে পৰাই লেখা মেলা, কবিতা আবৃত্তি, সংগীত সকলোতে পাৰদৰ্শিতা দেখুৱালৈ সক্ষম হৈছিল। নিজৰ একান্ত ধাউতিৰ বাবেই কষ্ট কৰি হলেও বান্ধবী গৰাকীৰ সৈতে  আঁতৰৰ মহাবিদ্যালয়খনলৈ একান্ত ইচ্ছাৰে অধ্যয়ন কৰিবলৈ গৈছিল। সিদিনাও বুকুত অলেখ সপোন লৈ, মুখত এমুকুৰা হাঁহি লৈ মহাবিদ্যালয় লৈ গৈছিল। দেউতাকৰ সাধাৰণ এখন দোকান আৰু মাকৰ তাঁত শালখনেই আছিল পৰিয়ালটোৰ উপাৰ্যনৰ সম্বল। তথাপি নিজে কষ্ট কৰি হলেও তেওঁলোকৰ অন্যন্ত আদৰৰ জীয়ৰী নন্দিতাৰ সপোনবোৰ সাৰ্থক কৰাৰ চেষ্টা কৰিছিল তেওঁলোকে। এনেদৰে সুন্দৰকৈ পাৰ হৈ গৈ আছিল তেওঁলোকৰ হেপাহৰ দিনবোৰ নন্দিতাৰ মনতো  আছিল অলেখ আশা, অযুত সপোন। কিন্তু এজাক কাল ধুমুহাই সকলো সপোন নিমিষতে ছাৰখাৰ কৰি পেলালে। এনেকুৱা ঘটনা একোটাই আজি একবিংশ শতিকাৰ মানুহক লজ্জানত কৰিছে। বান্ধৱীৰ সৈতে পৰীক্ষা দিবলৈ ওলাই যোৱা হাঁহি মুখিয়া ছোৱালীজনীয়ে যে পৰীক্ষা দি উঠি ঘৰলৈ উভতাৰ পথত ঘাতকৰ দাৰ ঘাপত বেহুচ হৈ পৰি যাব, তেনে এক শিহৰণকাৰী কথা ভাবিবলৈও ভয়লগা দেখোন। সফলতাৰে পৰীক্ষা সমাপ্ত কৰি বান্ধৱী কাশ্মীৰীৰ সৈতে বাছত উঠি ঘৰলৈ উভতিছিল নন্দিতাই। পৰীক্ষা দি ভাগৰ লাগি অহা বাবেই ধেমাজি টাউনৰ এখন ৰেষ্টুৰেণ্টত চাহ খাবলৈ সোমাইছিল বান্ধৱী নন্দিতাৰ সৈতে। কিন্তু সেই সময়তে সেই এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছিল। একে মহাবিদ্যালয়তে কৰ্মচাৰী হিচাপে কাম কৰা ৰিণ্টু শৰ্মা নামৰ এই ঘাটকজনৰ উপৰ্য্যুপৰি দাঁৰ কোবত দুয়োগৰাকী ছাত্ৰীয়ে মাটিত ঢলি পৰিছিল। নন্দিতা শইকিয়াৰ ওপৰত হোৱা এই আঘাত আছিল অত্যন্তই গুৰুতৰ। সংজ্ঞাহীন অৱস্থাত নন্দিতাক ডিব্ৰুগড়ৰৰ ব্ৰক্ষ্মপুত্ৰ নাৰ্ছিংহমত ভৰ্ত্তি কৰা হৈছিল। কিন্তু চিকিৎসকৰ সকলো চেষ্টাক অসাৰ প্ৰতিপন্ন কৰি নন্দিতাই চিৰদিনলৈ চকুমুদিলে। অত্যন্ত ৰক্তক্ষৰণৰ সন্মুখীন হোৱা নন্দিতাৰ মগজুৰ কোষসমূহো বিকল হৈ গৈছিল, চিকিৎসকে জানিবলৈ দিয়া মতে। সেয়েহে আটাইকেইটা দিন নন্দিতাই অতি জটিল অৱস্থাত মৃত্যুৰ সৈতে যুজঁ দি আছিল। একবিংশ শতিকাৰ সভ্য নামধাৰী মানুহে কৰা লজ্জাজনক ঘটনা এয়া।

            আটাইতকৈ ডাঙৰ কথাটো হ’ল যে শইকীয়াৰ লগত সংঘটিত  হোৱা এই ঘটনাটোৱে কিন্তু আমাৰ সমাজখনত প্ৰথম ঘটনা নহয়। বছৰটোৰ প্ৰায় ৩৬৫ টা দিনতেই এনে ঘটনা সংঘটিত হৈ আছে বুলি কলে নিশ্চয় ভুল কৰা নহব। আজি কেইটামান বছৰৰ পৰা মহিলাৰ ওপৰত সংঘটিত হোৱা সকলো ধৰণৰ নিৰ্যাতন বিশেষকৈ যৌন উৎপীড়ণ, ধৰ্ষণ, অপহৰণৰ ঘটনা, প্ৰেম প্ৰস্তাৱ প্ৰত্যাখান কৰিলেই এছিড আক্ৰমণকে আদি কৰি বিভিন্ন ধৰণৰ মহিলা উৎপীড়ণ সম্পৰ্কীয় ঘটনাবোৰ আমাৰ সমাজত অতি ভয়াবহৰূপত বৃদ্ধি পাবলৈ লৈছে। ঘটনাসমূহ আঁতিগুৰি বিচাৰি চালেই, কাৰণসমূহ ভালদৰে চালিজাৰি ফঁহিয়াই চালেই পুষতান্ত্ৰিক সমাজখনৰ হেঁচা বা পীড়ণৰ স্পষ্টতা দেখিবলৈ পাঁও। তিনি বছৰমান আগতে গুৱাহাটী কে. চি. দাস কমাৰ্চ কলেজৰ শ্বেতা আগৰৱালা নামৰ অত্যন্ত মেধাৱী ছাত্ৰী গৰাকীক এগৰাকী যুৱকে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰা বাবেই গাত এছিড ঢালি, গাত জুই লগাই হত্যা কৰিছিল। কেইটামান বছৰ আগতে ডিব্ৰুগড়ৰতে অসম চিকিৎসা মহাবিদ্যালয়তে এগৰাকী চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰীয়ে যৌন উৎপীড়ণ চলাই হত্যা কৰিছিল। প্ৰায় দুবছৰ আগতে নগাওঁ জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত ধনীয়া ভেটিত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে ঘৰলৈ  উভতাৰ পথত কেইজনমান নৰখাদকে দলবদ্ধভাৱে বলাৎকাৰ কৰি হত্যা কৰি উঠি আকৌ মৃতদেহটো পুৰি পেলাইছিল। যোৱাটো বৰ্ষৰ ডিচেম্বৰ মাহত ৰাজধানী মহানগৰী গুৱাহাটীতে এগৰাকী অৱসৰপ্ৰাপ্ত মহিলা বিষয়াক নিজৰ ঘৰৰ সোৱনি কোঠাৰ ভিতৰতে কোনোবাই হত্যা কৰি পেলাই থৈ গৈছিল। এই বৰ্ষৰ মাঘৰ বিহুৰ উৰুকাৰ দিনা এগৰাকী মহিলা আৰু তেওঁৰ নৱম শ্ৰেণীত পঢ়ি থকা জীয়ৰীক ধৰ্ষণ কৰি হত্যা কৰি তেওঁলোকৰ মৃতদেহ ধাননি পথাৰত পেলাই থৈ গৈছিল। ইয়াৰ উপৰিও অপহৰণ মহিলা যুৱতিৰ সৰবৰাহ এইসমূহ ঘটনাতো সংঘটিত হৈয়ে আছে। সমাজখনত এইদৰেই একো একোটা লৌমহৰ্ষক, গুৰুতৰ ঘটনা আমাৰ সমাজখনত সংঘটিত হৈ থাকে। ঘটনা সমূহ ঘটাৰ কেইদিনমানলৈ  ৰাজ্যব্যাপী প্ৰতিবাদ হয়, কিন্তু কেইটামান দিন পিছতে আকৌ সকলো নিতাল নিস্তব্ধ হয়।  আমাৰ ৰাজ্য খনৰ যিটো প্ৰচলিত আইনী ব্যৱস্থা সেয়া অত্যন্ত লেহেমীয়া। যিকোনো এটা গুৰুতৰ ঘটনাৰ বিচাৰ হবলৈয়ো কেইবাবছৰো সময় লাগে আৰু ইয়াৰ ফলতেই লাহে লাহে বিচাৰ প্ৰক্ৰিয়াটো শিথিল হৈ পৰে। বহুসময়ত ভুক্তভোগী সকলে যি উপযুক্ত ন্যায় পাব লাগিছিল তাৰ পৰাও বঞ্চিত হোৱা দেখা যায়। আমি চৰকাৰৰ পৰা এইটো আশা কৰো যে মহিলা, যুৱতী সকলৰ অপৰাধ নিয়ন্ত্ৰৰ ক্ষেত্ৰত এখন অতি কঠোৰ আইন  চৰকাৰে বলৱৎ কৰিব লাগে যাতে অপৰাধী সকলক যথোপযুক্ত শাস্তি প্ৰদান কৰি ভুক্তভোগী / ভুক্তভোগীৰ পৰিয়ালক উপযুক্ত ন্যায় প্ৰদান কৰিব পৰা যায়। স্বাধীনতা লাভৰ সাতটা দশক পাৰ  হৈ যোৱাৰ পিছতো ৰ্ধষণৰ ক্ষেত্ৰত এখন সুস্পষ্ট আৰু নিৰ্দিষ্ট আইন হৈ নুঠাটো আমাৰ সকলোৰে বাবে দুৰ্ভাগ্যজনক। সংবিধান প্ৰণয়ন হোৱাৰ পিছত যিকেইখন আইন প্ৰণয়ন কৰা হৈছিল, সেই আইন সমূহো বৰ্তমানৰ সময় পৰিস্থিতিৰ লগত নিমিলা হ’ল। গতিকে এই সমূহ আইনৰ ক্ষেত্ৰতো সংশোধনীৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। মহিলাৰ ওপৰত বাঢ়ি যোৱা এই ভয়াৱহ অপৰাধ সমূহ নিয়ন্ত্ৰৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰে অতি কঠোৰ পদক্ষেপ লব লাগে আৰু এই অপৰাধজনিত হত্যা কাণ্ড সমূহৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতৰ জড়িয়তে হব লাগে। আমি সকলোৱে ৰাজ্য চৰকাৰ খনলৈ এইটোৱে এই মূহুৰ্তত আহ্বান জনাও যে নন্দিতা শইকীয়াৰ হত্যাৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতৰ যোগেদি হ্ওঁক। দোষীক চৰকাৰে কঠোৰতম শাস্তি প্ৰদান কৰক। ইয়াৰ লগতে চৰকাৰলৈ জনাওঁ যে মহিলা, যুৱতী সকলৰ ওপৰত সংঘটিত হৈ থকা নাৰীজনিত অপৰাধ সমূহ নিয়ন্ত্ৰণ কৰিবৰ বাবে এখন নিৰ্দিষ্ট, কঠোৰ আইন বলৱৎ কৰক চৰকাৰে।