“এই সময়”
অমৰ শ্বহীদ যশৱন্ত সিং
দীপিকা বৰুৱা
নেহৰু পাৰ্ক, যোৰহাট-১
যশৱন্ত সি এটা নমস্য নাম। যিজন দেশপ্ৰেমীকে নিজৰ ঘৰ, গাঁও, পিতৃ-মাতৃক ত্যাগ কৰি ১৯৬২ চনৰ ভাৰতক চীনা আক্ৰমনৰ যুদ্ধত নিজকে আহুতি দিছিল। যশৱন্ত সিং ডেৰাডুনৰ এটা দৰীদ্ৰ পৰিয়ালৰ সন্তান আছিল। ডাঙৰ হৈ তেওঁ খালী দেশমাতৃৰ সেৱাৰ সপোন দেখিছিল। সেয়ে এদিন স্বইচ্ছাৰে সৈন্যবাহীনিত যোগদান কৰিছিল। ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধত তেওঁ নিজকে উচৰ্গা কৰি যুদ্ধত জপিয়াই পৰিছিল। হেজাৰ হেজাৰ চীনা সৈন্যক তেওঁ প্ৰৱল প্ৰতাপে যুদ্ধ কৰি ধাৰাসায়ী কৰিছিল। তেওঁৰ বীৰত্ব দেখি চীনা সৈন্য পিছুৱাই যাবলৈ বাধ্য হৈছিল। এইদৰে যুদ্ধ হৈ থাকোতেই এদিন এটা মূহুৰ্ত্তত তেওঁ নুৰা নামৰ অৰুণাচলী সুন্দৰী গাভৰুৰ লগ পাইছিল। নুৰা তেওঁৰ প্ৰেমত পৰি প্ৰেম নিবেদন কৰিছিল। কিন্তু যশৱত সিঙে তেওঁৰ প্ৰেম প্ৰত্যাহাৰ কৰিছিল। শেষত নুৰাই এই যুদ্ধতে মৃত্যুবৰণ কৰিব লগা হৈছিল।
যশৱন্ত সিঙে হেজাৰ, হেজাৰ চীনা সৈন্যক নিপাট কৰিও ভাগৰি পৰা নাছিল। চীনা সৈন্যই চীন সীমান্ত পাৰ হৈ টাৱাৰ্ডৰ পাছত চেলাটপ নামৰ ঠাইলৈকে চীনা সৈন্য আগবাঢ়িছিল যদিও ভাৰতীয় সৈন্যই পিচহোঁহকাই পঠাইছিল। এই মহান বাৰ যশৱন্ত সিং যথেষ্ট আঘাট প্ৰাপ্ত হৈও শেষ তেজৰ টোপালটোৰলৈকে যুজিয়েই আছিল। তেওঁ একেৰাহে সাতদিন অকলেই চীনা সৈন্যৰ সৈতে যুদ্ধ দিছিল। তেওঁ শৰীৰ অৱশ হৈ পৰিছিল। কোনোমতে উশাহ লৈছিল। কিন্তু হাতৰ বন্দুক চলাই আছিল। আৰু শেষত তেওঁক চীনা সৈন্যই হত্যা কৰিছিল। এনেকৈ এই সহান বীৰৰ জীৱন ৱন্তী নুমাইছিল। সেয়ে আজিও ১৫ আগষ্টৰ দিনা এই বীৰজনাৰ সমাধিত পুষ্প অৰ্পণ কৰি সন্মান জনায়।