এইবাৰ উৎকোচ লৈ ধৰা পৰিল স্বয়ং আৰক্ষী

Pc assam.news18.com

এইবাৰ উৎকোচ লৈ ধৰা পৰিল স্বয়ং আৰক্ষী

ৰঙিলী বাৰ্ত্তাসেৱা– দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰিল গোৱালপাৰা আৰক্ষীৰ এজন উপ-পৰিদৰ্শক৷ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰা চবিন পাল দাস নামৰ এইজন উপ-পৰিদৰ্শক মাটিয়া থানাত কৰ্মৰত হৈ আছিল৷ চাৰি মাহ পূৰ্বৰ এটা গোচৰ সংক্ৰান্তত কঁঠালবাৰীৰ ছাহাদত আলী নামৰ এজন অভিযুক্তৰ পৰা আজি থানাৰ ভিতৰতে ৩৫ হাজাৰ টকা উৎকোচ গ্ৰহণ কৰিছিল বিষয়াজনে৷ পূৰ্বপৰিকল্পনা অনুসৰি থানাৰ ভিতৰতে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা দলে অভিযান চলাই উৎকোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰে ঘোচখোৰ চবিন পাল দাসক৷