এইখন অসমৰে এখন চৰকাৰী বি এড কলেজত নাভূত-নাশ্ৰুত ঘটনা

Pc The Janambhumi

এইখন অসমৰে এখন চৰকাৰী বি এড কলেজত নাভূত-নাশ্ৰুত ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ শিক্ষাখণ্ডত নাভূত-নাশ্ৰুত ঘটনা।কাৰ্বি আংলঙৰ ডিফু চৰকাৰী বি এড কলেজত সংঘটিত হৈছে এই ঘটনা।দ্বিতীয়, চতুৰ্থ ষাণ্মাসিকৰ শিক্ষাৰ্থীৰ পৰা বাচন-বৰ্তনৰ পৰা বিভিন্নধৰণৰ সামগ্ৰী বিচাৰি বি এড কলেজ কৰ্তৃপক্ষৰ জাননী।শিক্ষাৰ্থীৰ পৰা শিক্ষানুষ্ঠানে বিচাৰিছে হেটা,কেৰাহী,প্ৰেছাৰ কুকাৰৰ পৰা ৱাল ফেন, মেগাজীন ব’ৰ্ডলৈ বিভিন্ন সামগ্ৰী।কেৱল সেয়াই নহয় শিক্ষানুষ্ঠানক লাগে ব্ৰেণ্ডেড সামগ্ৰীহে।সামগ্ৰীসমূহৰ ব্ৰেণ্ড পৰ্যন্ত উল্লেখ কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই।সামগ্ৰী দাবী কৰি শিক্ষাৰ্থীলৈ কলেজ কৰ্তৃপক্ষই জাননী প্ৰেৰণ কৰিছে।যিবোৰ সামগ্ৰী কৰ্তৃপক্ষক দিবলৈ কোৱা হৈছে সেই সামগ্ৰীবোৰৰ বিপৰীতে উল্লেখ কৰা হৈছে কোম্পানীৰ নাম।মহাবিদ্যালয় কৰ্তৃপক্ষই কিয় এই সামগ্ৰী সমূহ শিক্ষাৰ্থীৰ পৰা দাবী কৰিছে সেই কথা জাননীখনত উল্লেখ নাই।বি এড কলেজ কৰ্তৃপক্ষই ২ আগষ্টত জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছে যে আগন্তুক ১০ আগষ্টৰ ভিতৰত এই সকলো সামগ্ৰী মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক দিব লাগিব।সেই অনুসৰি চতুৰ্থ ষাণ্মাসিকৰ শিক্ষাৰ্থীসকলৰ ১ ৰ পৰা ৯ নং ৰোল নম্বৰৰ শিক্ষাৰ্থীক ডেক্সি, ১০ ৰ পৰা ২২ আৰু ২৩ ৰ পৰা ৩৫ ৰোল নম্বৰৰ শিক্ষাৰ্থীক হকিঞ্চৰ ৫ লিটাৰৰ প্ৰেছাৰ কুকাৰ, ৩৬ ৰ পৰা ৪৬ ৰোল নম্বৰলৈ ১০ লিটাৰৰ কেৰাহী, ৪৭ ৰ পৰা ৪৯ ৰোল নম্বৰৰ শিক্ষাৰ্থীক ৩ লিটাৰৰ কেটলী, ৫০ ৰ পৰা ৫২ ৰোল নম্বৰৰ শিক্ষাৰ্থীক চামুচ, হেটা আৰু ষ্টিলৰ জগ ২টাকৈ, ৫৩ ৰ পৰা ৮৮ ৰোল নম্বৰলৈ ৫x৪ ফুটৰ লেভেল ক্ল’থৰ সৈতে নটিছ ব’ৰ্ড আৰু ৮৯ ৰ পৰা ১০০ ৰোল নম্বৰলৈ শিক্ষাৰ্থীসকলক লা অপালা/ লাৰা ব্ৰেণ্ডৰ কাপ প্লেট আৰু ২ খনকৈ ডাঙৰ ছাইজৰ ট্ৰে জমা দিবলৈ কোৱা হৈছে।আনহাতে দ্বিতীয় ষাণ্মাষিকৰ ১ নং ৰোল নম্বৰৰ পৰা ৩৭ নং ৰোল নম্বৰলৈ ভেলভেট কাপোৰৰ সৈতে ৫x৪ ফুট দৈৰ্ঘ্যৰ মেগাজীন ব’ৰ্ড, ৩৮ ৰ পৰা ৫৭ ৰোল নম্বৰলৈ ৪ ফুট দৈৰ্ঘ্যৰ লেকচাৰ ষ্টেণ্ড, ৫৮ ৰ পৰা ৬৯ ৰোল নম্বৰলৈ এইছ পি স্মাৰ্ট টেংক ৫৩০ ৰ দুটাকৈ প্ৰিণ্টাৰ ইংক ছেট, ৰোল নম্বৰ ৭০ ৰ পৰা ৮৪ লৈ লিগেল ছাইজৰ ফাইল কভাৰ ২০ টাকৈ আৰু ৮৫ ৰ পৰা ১০০ ৰোল নম্বৰলৈ উষা আৰু হেভেলছ ব্ৰেণ্ডৰ ৱাল ফেন দিবলৈ কোৱা হৈছে৷উল্লেখযোগ্য যে,যিসময়ত বি এড পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণৰ বাবে অভিভাৱকে ভেটি-মাটি পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছে সেই সময়তে চৰকাৰী বি এড কলেজে শিক্ষাৰ্থীৰ পৰা এইদৰে বিভিন্ন সামগ্ৰী দাবী কৰা কাৰ্যই সকলোৰে চকু কপালত তুলিছে।