এইখন অসমতে এক হৃদয়বিদাৰক ঘটনা

এইখন অসমতে এক হৃদয়বিদাৰক ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- লখিমপুৰ জিলাৰ নাৰায়ণপুৰত হৃদয়বিদাৰক ঘটনা।এবছৰ ধৰি লোৰ শিকলিৰে এগৰাকী বৃদ্ধৰ ভৰি বান্ধি তলা লগাই থৈছে পৰিয়ালৰ লোকে।লোকজনৰ নাম বগীৰাম শইকীয়া।কিন্তু লোকজনক কিয় এনেদৰে বান্ধি থৈছে সেই কথা জানিবলৈ আমি বহু দিনৰ পাছলৈ অথাৎ ৯০ দশকলৈ ঘূৰি যাব লাগিব।সেই ঘটনা অনুসৰি বিগত ৯০ দশকত অসমত বিদ্ৰোহী সংগঠন আলফাৰ সদস্য বিছৰাৰ নামত যি বৰ্বৰতা চলিছিল সেই কথা সকলোৰে জ্ঞাত।বজৰংগ আৰু ৰাইনো অপাৰেচনৰ জৰীয়তে অসমৰ গাঁৱে-ভুঁঞে আলফা বিৰোধী অভিযান চলাইছিল ভাৰতীয় সেনাবাহিনীয়ে।সেই সময়ত ভাৰতীয় সেনাৰ হাতত অসমৰ বিভিন্ন স্থানত বহু মহিলাই সতীত্ব হেৰুৱাব লগা হৈছিল।সেই সময়তে সেনাবাহিনীৰ নিৰ্মম অত্যাচাৰৰ বলি হ’ব লগা হৈছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ তৰানিখাট গাঁৱৰ বগীৰাম শইকীয়া।কৃষি কৰ্মৰ লগত জড়িত বগীৰাম শইকীয়াই সেনাবাহিনীৰ অত্যাচাৰৰ বলি হৈ পৰৱৰ্তী সময়ত মানসিক ভাৰসাম্য হেৰুওৱাই পেলাইছিল। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত তেওঁৰ চিকিৎসা কৰিছিল যদিও কোনো আৰোগ্য লাভ নকৰিলে।যাৰ বাবে তেওঁক এনেদৰে এখন মুকলি টিন-পাটৰ চালিৰ তলত বিগত এবছৰ ধৰি তলা লগাই লোৰ শিকলিৰে বান্ধি ৰখা হৈছে।উপায়হীন হৈ দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালটিয়ে এতিয়া চৰকাৰ তথা কোনো হৃদয়বান লোকৰ সহায় বিছাৰি কাতৰ আহ্বান জনাইছে।