ঋণ আত্মসাৎ গোচৰত ঘোষ ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰ প্ৰতুল কুমাৰ ঘোষ গ্ৰেপ্তাৰ

Pc- The Sentinel assam

ঋণ আত্মসাৎ গোচৰত ঘোষ ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰ প্ৰতুল কুমাৰ ঘোষ গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ঘোষ ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰ প্ৰতুল কুমাৰ ঘোষ দুটাকৈ ঋণৰ ধন আত্মসাৎ কৰি অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থা(বি আই ই অ’)ৰ জালত পৰিল। ভঙাগড়ৰ বি আই ই অ’ৰ এটা দলে প্ৰতুল কুমাৰ ঘোষক গ্ৰেপ্তাৰ কৰে। প্ৰতুল কুমাৰ ঘোষে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আৰু দুগ্ধ উন্নয়নৰ অধীনত আই ডি বি আইৰ পৰা দুটাকৈ ঋণ লৈছিল। দুয়োটা ঋণৰ পৰিমাণ মুঠ ১-১০ কোটি টকা আছিল। যি উদ্দেশ্য দেখুৱাই প্ৰতুল কুমাৰ ঘোষে ঋণ লৈছিল ঋণৰ এটকাও তাত ব্যয় নকৰি ঋণ চুক্তি সম্পূৰ্ণৰূপে উলংঘ কৰি ঋণৰ ধন ব্যক্তিগত উদ্দেশ্যতহে ব্যৱহাৰ কৰিছিল। আই ডি বি আই বেংক কর্তৃপক্ষই বাৰম্বাৰ জাননী দিয়া সত্ত্বেও ঘোষে ঋণৰ এটকাও ঘূৰাই দিয়া নাছিল। এনে অৱস্থাত আই ডি বি আইৰ কলকাতাস্থিত মহাপ্ৰবন্ধকে ঘোষৰ বিৰুদ্ধে বি আই ই অ’ত এখন এজাহাৰ দাখিল কৰে। এই এজাহাৰ লাভ কৰাৰ পাছতে বি আই ই অ’ৰ দলে বিষয়টোৰ অনুসন্ধান চলায় আৰু ঘোষৰ বিৰুদ্ধে পর্যাপ্ত তথ্য-প্রমাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে ঘোষ ব্ৰাদাৰ্ছৰ স্বত্বাধিকাজনক কালি ভঙাগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে বি আই ই অ’ই। আদালত বি আই ই অ’ই ঘোষক ৭ দিনৰ বাবে জিম্মাত বিছাৰিছিল যদিও আদালতে ঘোষক দুদিনৰ বাবেহে বি আই ই অ’ৰ জিম্মালৈ প্ৰেৰণ কৰে।