উৰুকাৰ নিশা- ৰাজলক্ষ্মী বৰঠাকুৰ

P.c WikiWand

উৰুকাৰ নিশা

উৰুকাৰ নিশা উৰুখা চালত
টুপ টুপ নিয়ৰৰ শব্দ ,
জুলুঙাৰ ফাকেৰে সুমাই অহা
হিম -চেঁচা বতাহ জাকে,
বাৰে বাৰে আঁতৰাই দিছে
তাইৰ গাৰ আঁচল ।
বুকুত সাবটি পোণাকনক
বাট চাই আছে তাই,
বুকুৰ কুটুমলৈ
কিজানি বা উভতি আহে যোৱাৰ বাটাৰে
ঢিমিক ঢামাক কৈ মজিয়াত জ্বলি আছে
তেল নাইকিয়া চাকি গছি ।
মেজিৰ জুইৰ দৰে উমি উমি জ্বলিছে
তাইৰ বুকুৰ ভিতৰতো একোৰা জুই।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট