উভতিব ৰঙেৰে সুখ
আহিছে আহিছে ফাকুৱা,
হাতত ৰং আৰু পিচকাৰী লোৱা।
ৰঙে অন্ধকাৰক ৰাখিব ঢাকি,
হৃদয়েৰে লগাবা যিয়ে মাৰিব হাঁহি।
বৃন্দাবন পৰা অহা এই উৎসৱে, আঁতৰাব দুখ,
দুখৰ পৰা শীঘ্ৰে হব সুখৰ হাস্যমুখ।
ৰঙা ৰঙে কৰিব অপশক্তিৰ বিনাশ,
গুলপীয়া ৰঙে হৰিব জীৱনৰ হতাশ।
বগা ৰঙে উভতাব সুখ শান্তি,
কমলা ৰঙে জীৱনত কৰিব সিদ্ধি।
সেউজ ৰঙে কৰিব ধৰাৰ প্ৰগতি,
নীলা ৰঙে মৰমেৰে লব সাৱটি।
বেঙুনীয়া ৰঙে দেখাব সত্যতাৰ পথ,
হালধীয়া ৰঙে প্ৰবাহিত কৰিব জীৱনৰ ৰথ।
সত্যযুগত হিৰণ্যকশিপুয়ে কৰিছিল তাণ্ডৱ,
বৰ পাই নিজকে ঈশ্বৰ বুলি কোৱা এই দানৱ।
হয় তেওঁৰ পুত্ৰ বিষ্ণুভক্ত প্রহ্লাদ,
পিতৃৰ অধৰ্মী কৰ্ম দেখি কৰিছিল বিবাদ।
হ’লিকাৰ বৰ দেখি, কশিপুৰৰ জাগিল নিষ্ঠুৰ মন,
প্ৰহ্লাদৰ বিষ্ণুভক্তিৰে হ’লিকাৰ হ’ল দহন।
এনে দৰে ধৰ্মৰ হৈছে জয়,
এই বাবে হলীৰ হেনো পালন কৰা হয়।
অচিনাকি বাতৰুৱাক ৰং নাসানিবা,
যাব পাৰে জৰুৰী কামত, এইটো ভাবি চাবা।
কৰিবা উদযাপন ৰং হৃদয়ে সানি,
নাসানিবা এনে ৰং যিয়ে কৰে হানি।
ভকত সৱে নাম, কীর্তন, ভজন আদি গাই,
জ্যেষ্ঠজনে সকলোকে আশীর্বাদ জনাই।
উৎসৱৰ এই ধৰাখনিত আৰু কেতিয়া জন্ম পাম,
ধৰাখনি বিনন্দীয়া ৰাখিবলৈ, ঈশ্বৰক জনালোঁ প্রণাম।
-নিতিষ্মান দাস
সপ্তম শ্রেণী