উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক সত্যেন্দৰ জৈনৰ দপ্তৰসমূহ হস্তান্তৰ 

pc NDTV.com

উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক সত্যেন্দৰ জৈনৰ দপ্তৰসমূহ হস্তান্তৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দৰ জৈনক প্ৰৱৰ্তন সঞ্চালকালয়ে এক কথিত ধন ৰপ্তানিৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছত, তেওঁক আৱণ্টন কৰা দপ্তৰসমূহ এতিয়া উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক হস্তান্তৰ কৰা হৈছে। এক সংবাদ মাধ্যমৰ ব্রিফিংৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে দাবী কৰে যে তেওঁক এক বিশ্বাসযোগ্য সূত্ৰই জনাইছে যে যিকোনো “ভুৱা” গোচৰত কোনো কেন্দ্ৰীয় সংস্থাই অনাগত দিনত মনীষ চিছোদিয়াকো গ্ৰেপ্তাৰ কৰিব পাৰে আৰু “কেন্দ্ৰই সংস্থাসমূহক তেওঁৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজ কৰিবলৈ নিৰ্দেশ দিছে”।