উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুয়ে  ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্র বঁটাসমূহ বিতৰণ কৰে

Pc- Republic World

উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুয়ে  ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্র বঁটাসমূহ বিতৰণ কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুয়ে আজি নতুন দিল্লীত অনুষ্ঠিত এটা কাৰ্যসূচীত ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্র বঁটাসমূহ বিতৰণ কৰিছে। ভাৰতীয় চলচিত্র জগতলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে প্রখ্যাত অভিনেতা ছুপাৰ ষ্টাৰ ৰজনীকান্তক দাদা চাহেব ফাঙ্কে বঁটাৰে সন্মানিত কৰা হৈছে। প্রিয়দর্শনে পৰিচালনা কৰা মালায়ালম চলচিত্র মাৰাক্কাৰ আৰাবিষ্কা ডিলিণ্টে ছিমহম শ্রেষ্ঠ চলচিত্র বঁটা প্ৰদান কৰা হৈছে। হিন্দী চলচিত্র বাহাত্তব হুবেইব বাবে সঞ্জয় পূবণ সিং চৌহানক শ্রেষ্ঠ পৰিচালকৰ বঁটা আগবঢ়োৱা হৈছে। ভোছলে নামব হিন্দী চলচিত্ৰখনৰ বাবে মনোজ বাজপেয়ী আৰু তামিল চলচিত্র অছৰণৰ বাবে ধনুষলৈ শ্রেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হৈছে। আনহাতে অভিনেত্রী কংগনা ৰাণাৱটলৈ তেওঁৰ মণিকর্ণিকা – দ্যা কুইন অফ ঝাঞ্চী আৰু পাংগা চলচিত্ৰৰ – বাবে শ্রেষ্ঠ অভিনেত্রীব বঁটা আগবঢ়োৱা হৈছে। তামিল চলচিত্ৰ ছুপাৰ ডিলাক্সৰ বাবে বিজয় সেতুপতিলৈ শ্রেষ্ঠ সহঅভিনেতা আৰু হিন্দী চলচিত্র দ্য তাছকেণ্ট ফাইলছৰ বাবে পল্লৱী যোশীলৈ শ্রেষ্ঠ সহঅভিনেত্রীৰ বঁটা আগবঢ়োৱা হৈছে। ইপিনে কেশবী নামব হিন্দী চলচিত্ৰখনৰ তেবী মিট্টী শীর্ষক গীতটোৰ বাবে বি প্ৰাকলৈ শ্রেষ্ঠ পুরুষ নেপথ্য কণ্ঠশিল্পীৰ বঁটা আগবঢ়োৱা হৈছে। আনহাতে মাৰাঠী চলচিত্ৰৰ ৰণ পেটালা শীর্ষক গীতটোৰ বাবে চাৱনী ৰবিন্দ্ৰলৈ শ্রেষ্ঠ নেপথ্য কণ্ঠশিল্পীর বঁটা আগবঢ়োৱা হৈছে। তামিল চলচিত্র বিশ্বাসমৰ সংগীত পরিচালনাৰ বাবে। ডি ইমানলৈ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা আগবঢ়োৱা হৈছে। বাংলা চলচিত্র জ্যেষ্ঠপুত্রৰ বাবে প্রবুদ্ধা বেনাৰ্জীলৈ পার্শ্ব সংগীতৰ বঁটা আগবঢ়োৱা হৈছে। কলাম্বী নামৰ মালায়ালম চলচিত্রৰ এটি গীতৰ বাবে প্রভা বামাই শ্রেষ্ঠ গীতিকাৰৰ বঁটা লাভ কৰিছে। তেলেগু চলচিত্র মহৰ্ষিৰ বাবে ৰাজু সুন্দৰমে শ্রেষ্ঠ নৃত্য পৰিচালক বঁটা লাভ কৰিছে। ইপিনে ছিকিমলৈ চলচিত্ৰৰ অনুকূল বাজ্য হিচাপে শ্রেষ্ঠ খিতাপ আগবঢ়োৱা হৈছে। নন ফিছাৰ ফ্লিম শাখাত হেমন্ত গাবাছে এন ইঞ্জিনিয়ার্স ড্রীমৰ বাবে শ্রেষ্ঠ তথ্য চিত্ৰ বঁটা লাভ কৰিছে। শ্রেষ্ঠ চলচিত্র সমালোচকব বঁটা শোহিনী চতুপাধ্যায়লৈ আগবঢ়োৱা হ’ব। নন ফিছাৰ ফ্লিম শাখাৰ এনিমেছন ফ্লিম ৰাধালৈ শ্রেষ্ঠ বঁটা আগবঢ়োৱা হৈছে। নন ফিছাৰ ফ্লিম শাখাত ওড়িয়া চলচিত্র শ্রীক্ষেত্ৰ ক চাহিজাতালৈ শ্রেষ্ঠ কলা আৰু সাংস্কৃতিক চলচিত্ৰৰ বঁটা আগবঢ়োৱা হৈছে। চার ডেভিড এটেনবব ৱাইন্ড কণটিকাৰ বাবে নন ফিছাৰ ফ্লিম শাখাৰ শ্ৰেষ্ঠ বিৱৰণী বঁটা আগবঢ়োৱা হৈছে। নন ফিছাৰ ফ্লিম শাখাত ক্রান্তি দৰ্শী গুৰুজী এহেইদ অফ টাইমছৰ বাবে বিশাখজ্যোতিলৈ শ্রেষ্ঠা সংগীত পৰিচালকৰ বঁটা আগবঢ়োৱা হৈছে। সঞ্জয় চুৰীয়ে লিখা এ গান্ধীয়ান এফেয়ার : ইণ্ডিয়াছ কিউৰিয়াছ প’ৰ্টেল অফ লভ ইন চিনেমা শীর্ষক চলচিত্র সম্পর্কীয় গ্রন্থখনে শ্রেষ্ঠ গ্রন্থ বঁটা লাভ কৰিছে।