উপৰহালী ছোৱালী হাইস্কুলত হুলস্থূল
ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ
প্ৰধান শিক্ষকৰ খালী হৈ থকা পদটোৰ দাবীত জেষ্ঠ শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত বিবাদ
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ শিক্ষাৰ ক্ষেত্ৰত জয়ঢোল বজোৱা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ শিক্ষা বিভাগত একপ্ৰকাৰ অৰাজকতা চলিছে ৷বিদ্যালয় সমূহৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই শিক্ষা বিভাগৰ ৷ আজি ২৭ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে পলাশবাৰী সমষ্টিৰ উপৰহালী ছোৱালী হাইস্কুলত প্ৰধান শিক্ষকৰ খালী পদক কেন্দ্ৰ কৰি এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় ৷ বিদ্যালয় পৰিদৰ্শকে উপৰহালী ছোৱালী হাইস্কুলৰ জেষ্ঠ শিক্ষক ৰূপে দিলীপ ঠাকুৰীয়াক স্বীকৃতি দিয়াকলৈ প্ৰতিবাদী ৰূপত অস্বীকাৰ কৰে হাইস্কুল খনৰ কৰ্মৰত শিক্ষয়িত্ৰী পদ্মিনী গোস্বামী আৰু শ্ৰেণী শিক্ষক মিতু ঠাকুৰীয়াই। বিদ্যালয় পৰিদৰ্শকৰ সিদ্ধান্তক একেচিতে অমান্য কৰি বিদ্যালয় খনত একপ্ৰকাৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷জানিব পৰা মতে বিদ্যালয় খনত বহুদিনৰ পৰা প্ৰধান শিক্ষকৰ পদৰ বাবে জেষ্ঠ শিক্ষক-শিক্ষয়িত্ৰী মাজত উপযুক্ত বিবেচিত হোৱাৰ ক্ষেত্ৰত অভিসন্ধি ৰচনা হৈ আছে ৷ যাৰফলত ছাত্ৰ-ছাত্ৰীৰ সকলৰ পাঠদানৰ ক্ষেত্ৰত ব্যাঘাত জন্মিছে ৷ আনহাতে বৰ্তমানৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ফণী শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হৈছে ব্যাপক অনিয়মৰ অভিযোগ ৷ অভিযোগ অনুসৰি হাইস্কুলৰ আন্তঃগাঁথনিৰ নামত চৰকাৰৰ পৰা আবণ্টন হোৱা সাহায্য পুঁজি সদব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ব্যাপক অনিয়ম আৰু খেলিমেলি ৷ শ্ৰেণী শিক্ষক নিৰ্মল কাকতিৰ লগত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ফণী শৰ্মাই গোপন বুজাবুজি কৰি বিদ্যালয় খনত সংঘটিত কৰিছে ব্যাপক অনিয়ম আৰু কেলেংকাৰী ৷ মধ্যাহ্ন ভোজনত নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰৰ লগতে চৰকাৰৰ নিয়ম অনুসৰি উৎকৃষ্ট আহাৰ প্ৰদান নকৰাৰ অভিযোগ অভিভাৱক সকলৰ ৷ মধ্যাহ্ন ভোজন ব্যৱহৃত অতিৰিক্ত সামগ্ৰী সমূহ অভিভাৱক সকলোক বিলাই দিয়ে ৷ বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ নামত আবণ্টন হোৱা চৰকাৰী পুঁজিৰ সদব্যৱহাৰ হোৱা নাই ৷ পোছাকৰ ক্ষেত্ৰটো অনুন্নত কাপোৰ ব্যৱহাৰ হৈ আহিছে ৷ একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে সময়ত উপস্থিত নহয়,প্ৰাৰ্থনা হৈ যোৱাৰ পাছতহে উপস্থিত হয় ৷ নৈশ চকীদাৰ নহোৱা বিদ্যালয়খনৰ বহু সা-সামগ্ৰী ইতিমধ্যে চোৰে লুটি লৈ গৈছে,কিছুদিন আগতে বিদ্যালয়খনৰ পৰা এটা দমকল চুৰি হৈছে ৷ সংস্কৃত আৰু আৰবী শিক্ষকৰ অবিহনে চলি আছে পাঠদান ৷ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ফণী শৰ্মাৰ দুৰ্বল নেতৃত্ব তথা বিষয়বস্তুৰ প্ৰতি তেখেতৰ অনীহা,সকলো বিষয়তে গাএৰা মন্তব্যৰ বাবে এতিয়া বিদ্যালয়খন অনিয়ন্ত্ৰিত হৈ পৰিছে ৷ উল্লেখনীয় শিক্ষক-শিক্ষয়িত্ৰী সকলৰ পদবীৰ লালসা,ব্যক্তিগত খামখেয়ালী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ পাঠদানৰ ক্ষেত্ৰত কৰা হেমাহিৰ বাবে ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক ভৱিষ্যতকলৈ একপ্ৰকাৰে শংকিত হৈ পৰিছে অভিভাৱক সকল ৷ এতিয়া প্ৰশ্ন হয় শিক্ষাৰ মন্দিৰত যদি অনিয়ম চলে তেতিয়া হ’লে শিক্ষাৰ্থী সকলৰ ভৱিষ্যত কোনদিশে? পৰৱৰ্তীকালত শিক্ষা বিভাগে এই মতগৰ্ব্বী শিক্ষক-শিক্ষয়িত্ৰী বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া হব লক্ষণীয় ৷