উপৰহালীত ভয়াৱহ পথ দুৰ্ঘটনা 

উপৰহালীত ভয়াৱহ পথ দুৰ্ঘটনা 

শৈলেন কুমাৰ, মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- উপৰহালীত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ থিতাতে নিহত হয় সৰপাৰাৰ নিবাসী উত্তম কাকতি ৷ স্কুটি আৰোহী উত্তম কাকতি ( ৪৪ ) বিজয়নগৰ অভিমুখে গৈ থকা অৱস্থাত সেই একে দিশেৰে বিজয়নগৰ অভিমুখে গৈ থকা এ এচ ০১ এফ চি ৯৬৬১ নম্বৰৰ মালবাহী ট্ৰাকখনে পিছৰপৰা মহতিয়াই লৈ যায় ৷ ফলত থিতাতে নিহত হয় স্কুটি আৰোহী উত্তম কাকতি ৷ ঘটনাস্থলীৰ পৰা ৰাইজে আৰক্ষীক খৱৰ দিয়াত বিজয়নগৰ আৰক্ষীয়ে গাড়ীখন ধৰিবলৈ সক্ষম হয় নিহত উত্তম কাকতিক মৰনোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।