উদ্বোধনৰ পূৰ্বেই দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুত পৰিল শিখৰ,পান মচলাৰ পিক

উদ্বোধনৰ পূৰ্বেই দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুত পৰিল শিখৰ,পান মচলাৰ পিক

ৰঙিলী বাৰ্ত্তাসেৱা-  ৪ নৱেম্বৰত মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে মুকলি কৰিব দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতু।মুকলিৰ পূৰ্বে সেঁতুখন সুন্দৰকৈ সজাই তোলা হৈছে।কিন্তু আমি যেন অসমীয়াই নুবুজো সৌন্দৰ্যবোধ আৰু ইয়াৰ মূল্য। মুকলিৰ পূৰ্বেই দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুত একাংশই পেলালে পিক।উদ্বোধনৰ পূৰ্বেই সেঁতুখনত লাগিল শিখৰ বা পান মচলাৰ দাগ।সেঁতুখনৰ এটা অংশত এতিয়া এনে কদৰ্যৰূপ দেখিবলৈ পোৱা গৈছে।এই উৰণীয়া সেঁতুখনত ২০জনীয়া এটা দলে দিনে-ৰাতিয়ে কষ্ট কৰি আঁকিছিল বহু ধুনীয়া ছবি।উৰণীয়া সেঁতুখনৰ দুয়োপাৰে অংকণ কৰা হৈছে অসমীয়া সমাজ জীৱন আৰু সংস্কৃতিক তুলি ধৰিব পৰা কিছু ছবি।কিন্তু একাংশ মহানগৰবাসীৰ নিকৃষ্ট কাণ্ডই চিত্ৰ শিল্পীসকলক ব্যথিত কৰি তুলিছে।এনে মানসিকতাৰ লোকৰ বিৰুদ্ধে চিত্ৰ শিল্পীয়ে ক্ষোভেৰে ক’লে,”দলঙত নহয়,আমাৰ মুখত পিক পেলোৱাৰ দৰে লাগিছে!”ইয়াৰ পূৰ্বে গণেশগুৰিৰ নিৰ্মীয়মান উৰণীয়া সেঁতুখনতো অনুৰূপ কাণ্ড দেখিবলৈ পোৱা গৈছিল।তেতিয়া এই ঘটনাক লৈও যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।