উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীৰ চৰকাৰে অপৰাধীৰ সৈতে ‘জেল-জেল’ খেলি আছে: প্ৰধানমন্ত্ৰী মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উত্তৰ প্ৰদেশৰ পূৰ্বৰ চৰকাৰৰ অধীনত অপৰাধী আৰু মাফিয়াই “তেওঁলোকৰ নিজৰ খেল খেলিছিল” কিন্তু এতিয়া মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰে “এনে অপৰাধীৰ সৈতে ‘জেল-জেল’ খেলি আছে। তেওঁ লগতে কয়, “আগতে অবৈধ ভূমি দখলৰ প্ৰতিযোগিতা হৈছিল।” তেওঁ আৰু কৈছিল যে মিৰাটৰ মানুহে পাহৰিব নোৱাৰে কেনেকৈ ঘৰবোৰ জ্বলাই দিয়া হৈছিল।