উত্তৰ প্ৰদেশৰ ক’লা ভেঁকুৰ(black fungus)ত আক্ৰান্ত ৰোগী এজনে হেৰুৱালে বৃক্ক তথা হাওঁফাওঁৰ অংশ 

pc- The Weather Channel

উত্তৰ প্ৰদেশৰ ক’লা ভেঁকুৰ(black fungus)ত আক্ৰান্ত ৰোগী এজনে হেৰুৱালে বৃক্ক তথা হাওঁফাওঁৰ অংশ

অনলাইন বাৰ্ত্তাসেৱা-  দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ে জনোৱা মতে, কʼভিড-১৯ৰ পিছত গুৰুতৰ মিউকৰ্মাইকোচিছ (ক’লা ভেঁকুৰ) সংক্ৰমণৰ বাবে গাজিয়াবাদৰ এজন ৩৪ বছৰীয়া ব্যক্তিৰ সোঁ বৃক্ক আৰু তেওঁৰ বাওঁ হাঁওফাঁওৰ এটা অংশ অস্ত্ৰোপচাৰৰ দ্বাৰা আঁতৰোৱা হৈছিল। বৃক্ক, হাঁওফাঁও আৰু চাইনাছৰ সৈতে জড়িত মিউকৰ্মাইকোচিছৰ এই ঘটনাটোক চিকিৎসা সাহিত্যত কʼভিড-১৯ সংক্ৰমণৰ পিছত হোৱা পৃথিৱীৰ প্ৰথম ঘটনা” বুলি  চিকিৎসালয়খনৰ পৰা প্ৰকাশ কৰে।

 

(RT)