উত্তৰ প্ৰদেশত ধৰ্মীয় শোভাযাত্ৰা উলিওৱাৰ বাবে আগতীয়া অনুমতি বাধ্যতামূলক  কৰিছে চৰকাৰে

PC-ABP News

উত্তৰ প্ৰদেশত ধৰ্মীয় শোভাযাত্ৰা উলিওৱাৰ বাবে আগতীয়া অনুমতি বাধ্যতামূলক  কৰিছে চৰকাৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাম নৱমী আৰু হনুমান জয়ন্তীৰ সময়ত সমগ্ৰ দেশতে সাম্প্ৰদায়িক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত, উত্তৰ প্ৰদেশ চৰকাৰে সমগ্ৰ ৰাজ্যজুৰি ধৰ্মীয় শোভাযাত্ৰা উলিওৱাৰ বাবে আগতীয়া অনুমতি বাধ্যতামূলক কৰিছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছিল যে আয়োজকসকলে অনুমতি বিচৰাৰ আগতে শান্তি আৰু সম্প্ৰীতি নিশ্চিত কৰি এখন শপতনামা প্ৰস্তুত কৰিব লাগিব। “কোনো নতুন শোভাযাত্ৰাৰ অনুমতি দিয়া উচিত নহয়,” তেওঁ লগতে কয়।