উত্তৰ প্ৰদেশত আৰক্ষী নিযুক্তিত অগ্ৰাধিকাৰ পাব ‘অগ্নিবীৰ’: মুখ্যমন্ত্ৰী যোগী

উত্তৰ প্ৰদেশত আৰক্ষী নিযুক্তিত অগ্ৰাধিকাৰ পাব ‘অগ্নিবীৰ’: মুখ্যমন্ত্ৰী যোগী

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বুধবাৰে কয় যে ‘অগ্নিপথ’ আঁচনিৰ অধীনত সেনা, নৌ সেনা আৰু বায়ু সেনাত নিয়োগ কৰা সৈনিক ‘অগ্নিবীৰ’সকলে ৰাজ্যখনত আৰক্ষী আৰু সম্পৰ্কিত সেৱাত নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব। যোগীয়ে টুইট কৰি কয়, “বিজেপিৰ দ্বৈত ইঞ্জিনৰ চৰকাৰ যুৱপ্ৰজন্মৰ উন্নতিৰ বাবে সমৰ্পিত আৰু প্ৰতিশ্ৰুতিবদ্ধ।” আঁচনিখনৰ অধীনত, যুৱক-যুৱতীসকলক চাৰি বছৰৰ বাবে নিয়োগ কৰা হ’ব।