উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিধায়িনী প্রক্রিয়াৰ বিষয়াসকলৰ প্রশিক্ষণ কার্যসূচী 

Pc The Sentinel Assam

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিধায়িনী প্রক্রিয়াৰ বিষয়াসকলৰ প্রশিক্ষণ কার্যসূচী 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  “উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বিধায়িনী প্রক্রিয়াৰ বিষয়াসকলৰ বাবে প্রশ্ন, বিধি আৰু টেবুল কার্যালয় ইত্যাদি বিষয়ৰ সৈতে সম্পর্কীত বিষয়াসকলৰ বাবে সামর্থ বিকাশশীর্ষক এক প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়সংসদীয় অধ্যয়ন, প্রশিক্ষণ আৰু গৱেষণাৰ উত্তৰ পূৱ আঞ্চলিক প্রতিষ্ঠান (এনইআৰআইপিএছটিআৰ)ৰ উদ্যোগত আৰু গণতন্ত্রৰ বাবে সংসদীয় গৱেষণা আৰু প্রশিক্ষণ প্রতিষ্ঠান চমুকৈ প্রাইডৰ সহযােগত গুৱাহাটীস্থ “এনইআৰআইপিএছটিআৰত শুভাৰম্ভণী অনুস্থিত হয়। প্রশিক্ষণ কার্যসূচীত উপস্থিত থকা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ বিধায়িনী প্রক্রিয়াৰ বিষয়াসকলক উদ্দেশ্যি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে আজিৰ দিনটোতে এনইআইপিএছটি আৰয়ে ২৫ বছৰ সম্পূৰ্ণ কৰিলে। এই শুভ দিনত প্রশিক্ষণ কার্য আৰম্ভ কৰাটো সঁচাকৈয়ে সৌভাগ্য। জ্ঞাঅর্জন কৰিবলৈ প্রশিক্ষণ খুবেই দৰকাৰী। বিধায়িনী প্রক্রিয়া অব্যাহত ৰাখিবলৈ প্রশিক্ষণ লাগিবই। প্রশাসন। ব্যৱস্থা পিৰামিডৰ দৰেই। প্রশিক্ষণৰ অন্তত বিধায়িনী প্রক্রিয়াৰ বিষয়াসকলক এবাৰ বিধানসভা পৰিদর্শন কৰিবলৈ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অনুৰােধ জনায়।  একেদৰে প্রশিক্ষণ কার্যসূচী ৰ উদ্বোধন কৰি সংসদীয় অধ্যয়ন, প্রশিক্ষণ আৰু গবেষণাৰ উত্তৰ পূব আঞ্চলিক প্রতিষ্ঠানৰ সভাপতি তথা  অৰুণাচল প্রদেশ বিধাসভাৰ অধ্যক্ষ পাছাং দর্জি ছােনাই বিধায়িনী প্রক্রিয়াৰ বিষয়াসকলে বিধাসভাৰ সৈতে প্রত্যক্ষভাবে জড়িত বিধায়িনী প্রক্রিয়াৰ কাম কাজ সমূহ কিদৰে সুন্দৰ আৰু নিয়াৰিকৈ বিধিসম্মতৰূপত সম্পাদন কৰিব লাগে সেই সন্দৰ্ভত অতি সৰলভাবে উপস্থাপন কৰে। একেদৰে লােকসভা সচিবালয়ৰ অতিৰিক্ত সচিব প্রসেনজিৎ সিঙেও বিধানসভাৰ বিষয়াসকলে প্রশ্ন, আইন সম্পর্কীয় প্রক্রিয়া আদি বিষয়সমূহ কিদৰে শুদ্ধ ৰূপত ৰূপায়ন কৰিব লাগে সেই সম্পর্কীয় বিভিন্ন উদাহৰণ, উদ্ধৃতিৰে বিষয়াসকলক প্রশিক্ষণ প্রদান কৰে। ইপিনে আদৰণি ভাষণ প্রদান কৰে সংসদীয় অধ্যয়ন, প্রশিক্ষণ আৰু গৱেষণাৰ উত্তৰ-পূব আঞ্চলিক প্রতিষ্ঠান সঞ্চালক তথা অসম বিধান সভাৰ প্রধান সচিব হেমেন দাসে। আদৰণি ভাষণত। সঞ্চালক দাসে কয় যে দীঘলীয়া বিৰতিৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ বিধায়িনী প্রক্রিয়াৰ বিষয়াসকলৰ বাবে প্রশিক্ষণ কার্যসূচী আয়ােজন কৰিব পৰাটো সঁচাকৈয়ে গৌৰৱৰ বিষয়তাৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ, এনইআৰআইপিএছটিআৰ সভাপতি পাছাং দর্জি ছােনাইৰ ওচৰত কৃতজ্ঞ। তেওঁলােকৰ উৎসাহ, সাহস আৰু প্ৰেৰণাৰ বাবে আজি এইখিনি সম্ভৱ হৈছেপ্রাইডৰ জৰিয়তেও লােকসভা সচিবালয়ত ভাচুৱেল আৰু অনলাইন প্রশিক্ষণৰ ব্যৱস্থা কৰা হ’বঅনুষ্ঠানৰ শেষত প্রাইডৰ সঞ্চালক ড° সীমা কৌৰ সিঙে শলাগৰ শৰাই আগবঢ়ায়এই প্রশিক্ষণ অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ ড°নােমল মমিন, বিধানসভাৰ সচিব দুলাল পেগু, অৰুণাচল বিধানসভাৰ সচিব কাকু হাবুং তথা বিধানসভাৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।