উত্তৰ-পূূবত  ইণ্ডিয়ান মেৰীটাইম বিশ্ববিদ্যালয় শাখা

pc- Welcome to Indian Maritime University

উত্তৰ-পূূবত  ইণ্ডিয়ান মেৰীটাইম বিশ্ববিদ্যালয় শাখা

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে যে উত্তৰ-পূবৰ নৱপ্ৰজন্মক সমুদ্র বিজ্ঞান বিষয়ত অধ্যয়নৰ লগতে বন্দৰৰ বিভিন্ন ব্যাৱসায়ৰ লগত জড়িত কৰাৰ লক্ষ্যৰে মেৰীটাইম  বিশ্ববিদ্যালয় শাখা স্থাপন কৰা হ’ব, যাতে উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীয়ে এই বিষয়ত কাৰিকৰী শিক্ষা গ্ৰহণ কৰি জল পৰিবহণৰ জৰিয়তে সংস্থাপিত হ’ব পাৰে। দেশৰ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাৰ আন্তঃগাঁথনি উন্নয়ন আৰু আধুনিকীকৰণৰ অংশ হিচাপে  কলকাতাস্থিত শ্যামাপ্রসাদ মুখার্জী বন্দৰত কেইবাখনো অভিলাষী আঁচনি উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলক সাগৰমালা আঁচনিৰ অধীনত আগুৱাই নিয়া হ’ব বুলি ঘোষণা কৰে। ভৱিষ্যতে ১নং ৰাষ্ট্ৰীয় জলপথ গংগাক কেন্দ্ৰ কৰি শ্যামাপ্রসাদ মুখাৰ্জী বন্দৰক ২নং ব্ৰহ্মপুত্ৰ আৰু ১৬নং ৰাষ্ট্ৰীয় জলপথ বৰাকৰ সৈতে সংযোগ কৰি জল পৰিবহণ ব্যৱস্থাৰ উন্নীতকৰণৰ সংকল্প লোৱা হৈছে। এই জলপথেৰে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যত উৎপাদিত সামগ্রী দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশলৈ ৰপ্তানি কৰিব পাৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে কয় যে ডেৰশ বছৰ গৰকা এই বন্দৰটো হালদিয়া ঘাট আৰু কলকাতা ঘাট দুটা ভাগত বিভক্ত কলকাতা আৰু হালদিয়া বন্দৰৰ আন্তঃগাঁথনি উন্নয়ন, আধুনিকীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ অধীনত পৰ্যায়ক্রমে ১৭২ কোটি, ১৪৮ কোটি আৰু ৩৪ কোটি টকা মোকলাই দিব। শ্যামাপ্রসাদ মুখার্জী বন্দৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মাই পোর্ট এপটো আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ বাবে শ্যামাপ্রসাদ মুখাৰ্জী বন্দৰটোত ডিজিটাইজ লেণ্ড মেনেজমেণ্ট ইনফৰ্মেচন ছিষ্টেম কৰা হৈছে। এই পদ্ধতিত এতিয়ালৈকে ১.৪০ লাখৰো অধিক নথি-পত্ৰ ডিজিটাইজ কৰা হৈছে। ২৪ ঘণ্টাই অতি সহজতে এই নথি-পত্ৰৰ জৰিয়তে বন্দৰৰ সবিশেষ তথ্য যিকোনো লোকে চাব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।