উত্তৰ কোৰিয়াৰ নতুন মিছাইলৰ পৰীক্ষণ
অনলাইন বাৰ্ত্তাসেৱা- উত্তৰ কোৰিয়াই এটা নতুন দীৰ্ঘ দূৰত্বৰ ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ চলাইছিল। এই মিছাইলটোক “এক কৌশলগত অস্ত্ৰ” বুলি ৰাজ্যিক সংবাদ মাধ্যমই অভিহিত কৰে। প্ৰতিবেদন অনুসৰি, ১,৫০০ কিলোমিটাৰ দূৰত্বলৈ লক্ষ্য ভেদ কৰিব পৰা ক্ষমতা সম্পন্ন মিছাইলটোৱে চুবুৰীয়া জাপানৰ বেছিভাগ অংশত আঘাত কৰিবলৈ সক্ষম হব। আমেৰিকাৰ মতে, এই পৰীক্ষণটোৱে উত্তৰ কোৰিয়াৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ বাবে ভাবুকিৰ সৃষ্টি কৰিব পাৰে।
(RT)