উত্তৰাখণ্ডৰ  উত্তৰকাশী ছিল্কিয়াৰা সুৰংগত আবদ্ধ ৪১ শ্রমিকৰ উদ্ধাৰ অভিযান স্থগিত

উত্তৰাখণ্ডৰ  উত্তৰকাশী ছিল্কিয়াৰা সুৰংগত আবদ্ধ ৪১ শ্রমিকৰ উদ্ধাৰ অভিযান স্থগিত

ৰঙিলী বাৰ্ত্তাসেৱা- চতুৰ্দশ দিনত ভৰি দিলে উত্তৰাখণ্ডৰ  উত্তৰকাশী ছিল্কিয়াৰা সুৰংগত আবদ্ধ ৪১ শ্রমিকক উদ্ধাৰ অভিযানে। উচ্চ ক্ষমতা সম্পন্ন ঔগাৰ ড্রিলিং মেচিনেৰে ছিল্কিয়াৰা সুৰংগত ভূমিস্খলনৰ ফলত অৱৰোধ হোৱা প্ৰায় ৬০ মিটাৰ ধ্বংসাৱশেষৰ ৪৫ মিটাৰ আঁতৰোৱাৰ পাছত বাকী থকা প্ৰায় ১৫ মিটাৰ ধ্বংসাৱশেষ আঁতৰাবলৈ অভিযান চলি থকাৰ মাজতে  ড্রিলিং মেচিনটোৰ ব্লেড ভাগি যায়। অভিযান চলাই থাকোঁতে ড্রিলিং মেচিনটোৰ ব্লেড ধ্বংসাৱশেষত আবদ্ধ হৈ পৰাত অভিযান বন্ধ কৰিবলগীয়া হয়। ৪১ আবদ্ধ শ্ৰমিকক মুকলি কৰি আনিবলৈ সম্পূর্ণ অনুশীলনসহ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ মাজতে ড্রিলিং মেচিনৰ বিসংগতিয়ে এই আবদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযানত আউল লগাইছে। শুকুৰবাৰে নিশাৰ পৰা আজিলৈকে উদ্ধাৰ অভিযান বন্ধ হৈ পৰিছে। কাইলৈৰ  পৰা আবদ্ধ শ্ৰমিকক উদ্ধাৰ কৰিবলৈ বাকী থকা ধ্বংসাৱশেষ মেনুৱেলী আঁতৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। কাৰ্যতঃ আবদ্ধ শ্ৰমিকক উদ্ধাৰ কৰা অভিযানৰ স্থিতি ক্ৰমান্বয়ে কঠিন হৈ উঠিছ। প্রতিক্ষণ আবদ্ধ শ্ৰমিকৰ বাবে জটিল হৈ পৰিছে। ১০০ এম এম আৰু ৮০০ এম এম ব্যাসাৰ্ধৰ পাইপেৰে আবদ্ধ শ্রমিকক উদ্ধাৰ অভিযানৰ লক্ষ্য লোৱা হৈছে যদিও ড্রিলিং মেচিনৰ বিসংগতিৰ বাবে অভিযান বন্ধ কৰিবলগীয়া হৈছে। শেহতীয়া তথ্য মতে, উলম্বভাবে খনন কৰি সুৰংগটোত আবদ্ধ হোৱা শ্ৰমিকৰ উদ্ধাৰ অভিযান চলাব। ইতিমধ্যে এই অভিযানৰ বাবে গধুৰ ক্ষমতাশালী নচিন ছিল্কিয়াৰা সুৰংগস্থলীলৈ অনা হৈছে। হায়দৰাবাদৰ পৰা ধ্বংসস্তূপ আঁতৰাবলৈ কাটাৰ অনা হৈছে। সমগ্ৰ অভিযানটো পৰ্যবেক্ষণ কৰি থকা আন্তর্জাতিক সুৰংগ বিশেষজ্ঞ আর্নল্ড ডিক্সে প্ৰকাশ কৰা মতে, ঔগাৰ মেচিন ভাগিছে। আন এটা নাই যদিও এই অভিযান চলাবলৈ বিভিন্ন পথ আছে। ভূ-বিজ্ঞানী, আন্তর্জাতিক বিশেষজ্ঞ, এনডিআৰএফ, এছডিআৰএফ আৰু বিআৰঅ’ই যুদ্ধকালীন তৎপৰতাৰে ইটোৰ পিছত সিটো পদক্ষেপ লৈ ৪১ সাবদ্ধ শ্রমিকক উদ্ধাৰৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে যদিও এই অভিযানৰ কেতিয়া সামৰণি পৰিব, তাক নিশ্চিতকৈ ক’ব নোৱাৰি।