উচ্চতৰ মাধ্যমিকৰ ৰসায়ন পেপাৰ লিক হোৱা বাতৰি সম্পূৰ্ণৰূপে ভুৱা আৰু ভিত্তিহীনঃ শিক্ষামন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে টুইটাৰযোগে স্পষ্টীকৰণ দি কয় যে, “চলিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত লিক হোৱাৰ বাতৰি সম্পূৰ্ণৰূপে ভুৱা আৰু ভিত্তিহীন। মই ব্যক্তিগতভাৱে বিষয়টো পৰীক্ষা কৰি চাইছো। আমি চেষ্টা কৰি আছো আৰু সতৰ্কতা বজাই ৰাখিছো। অনুগ্ৰহ কৰি ভুৱা বাতৰি আৰু উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিব।” শিক্ষামন্ত্ৰী গৰাকীৰ এই স্পষ্টীকৰণ মঙলবাৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ৰসায়ন বিজ্ঞান বিষয়ৰ হাতে লিখা প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত আহিছে। য’ত হাতে লিখা প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।