অনলাইন বাৰ্ত্তাসেৱা – হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় বিশিষ্ট ছবি পৰিচালক গৰাকীৰ। এই খবৰে এতিয়া শোকাচ্ছন্ন কৰি তুলিছে সকলোকে। বুধবাৰে ৰাতিপুৱাৰ ভাগত প্ৰায় ৪.৩০ বজাত মৃত্যু হৈছিল তেখেতৰ। হৃদৰোগত আক্ৰান্ত হৈছিল বিশিষ্ট ছবি পৰিচালক গৰাকী। তেওঁ ঘৰতে আছিল আৰু পৰিয়ালটোৱে কোনো চিকিৎসাৰ সহায় পোৱালৈকে তেখেতে ইহসংসাৰ ত্যাগ কৰিছিল।
চলচ্চিত্ৰ নিৰ্মাতা অনিৰে টুইট যোগে কয়, “অতি সোনকালে গ’ল। আমি আজি ৰাতিপুৱা চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজক ৰাজ কৌশলক হেৰুৱালো। বৰ দুখজনক। তেওঁ মোৰ প্ৰথম ছবি #MyBrotherNikhil ৰ অন্যতম প্ৰযোজক আছিল। আমাৰ দৃষ্টিত বিশ্বাস কৰা আৰু আমাক সমৰ্থন কৰা কেইজনমানৰ মাজৰ এজন তেওঁ। তেওঁৰ আত্মাৰ বাবে প্ৰাৰ্থনা।”
(UD)