ইলোৰ্ডা কাপ বক্সিং প্ৰতিযোগিতাত অসম কন্যা যমুনাৰ ৰূপৰ প্ৰদক জয়

ইলোৰ্ডা কাপ বক্সিং প্ৰতিযোগিতাত অসম কন্যা যমুনাৰ ৰূপৰ প্ৰদক জয়

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰতিভাৱান বক্সাৰ যমুনা বড়োৱে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ আন এক সুখবৰ কঢ়িয়াই আনিছে৷ কাজাখস্তানৰ ৰাজধানী চহৰ নূৰ-চুলতানত অনুষ্ঠিত উদ্বোধনী বৰ্ষৰ ইলোৰ্ডা কাপ বক্সিং প্ৰতিযোগিতাত অসম কন্যা যমুনাই মহিলাৰ ৫৪ কেজি শাখাত ৰূপৰ পদক লাভ কৰিছে৷ প্ৰতিযোগিতাখনৰ ফাইনেলত ২০১৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জজয়ী যমুনাই উজবেকিস্তানৰ লাইজিনা উক্তামোভাৰ হাতত ব্যৱধানত পৰাজয় স্বীকাৰ কৰে৷ ঢেকীয়াজুলিত জন্মগ্ৰহণ কৰা যমুনাই ২০২৪ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰি পদক জয়ৰ আশা কৰিছে৷