ইয়ন মৰ্গানৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায়

ইয়ন মৰ্গানৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায়

ৰঙিলী বাৰ্ত্তাসেৱা- ইংলেণ্ডৰ বিশ্বকাপ বিজয়ী অধিনায়ক ইয়ন মৰ্গানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডে (ECB) এই কথা নিশ্চিত কৰে কিয়নো বাওঁহাতৰ বেটছমেনজনে যোৱা এবছৰ ধৰি ফিটনেছ আৰু ফৰ্মৰ সমস্যাৰ সৈতে যুঁজি আছিল। ৩৫ বছৰীয়া ইয়ন মৰ্গানে ইচিবিৰ হৈ জাৰি কৰা এক বিবৃতিত কয়: ” আলোচনা কৰাৰ পিছত, মই তাৎক্ষণিক ভাৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছো। এইটো এটা সহজ সিদ্ধান্ত নহয়, কিন্তু মই নিশ্চিত যে এইটো সঠিক সময়।” তেওঁৰ ১৩ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত, ইয়ন মৰ্গানে ২ টা আইচিচি খিতাপ জিকিছিল। তেওঁৰ অধিনায়কত্বত, ইংলেণ্ডে ইতিহাস সৃষ্টি কৰে আৰু ২০১৯ চনত প্ৰথমবাৰৰ বাবে এদিনীয়া ফৰ্মেটত বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰে। মৰ্গান ২০১০ চনত টি-২০ বিশ্বকাপ জয় কৰা ইংলেণ্ড দলৰ সদস্য আছিল।