ইতি বাচক চিন্তা – জ্যোতিস্মিতা গোস্বামী শৰ্মা 

Pc-Cleveland HeartLab

ইতি বাচক চিন্তা :

আমি বাতৰি কাকত তথা বিভিন্ন মাধ্যমৰ জৰিয়তে ইতি বাচক উক্তি পঢ়িবলৈ পাওঁ। এই উক্তি সমূহে আমাক জীয়াই থকাৰ প্ৰেৰণা দিয়ে নহয় নে?ইতি বাচক বাণী সমূহে মানুহক আশা-
বাদী কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি
কৰে। নেতি বাচক চিন্তাই মানুহৰ উচ্চ ৰক্তচাপ , অতিৰিক্ত উদ্বেগ আদি বঢ়ায়।

সাহিত্য জগতৰ অন্যতম লেখক ড০ পাৰ্থ
চট্টোপাধ্যয় দেৱৰ মতে , নিজৰ লগতে সমাজৰ
উন্নতিৰ বাবে কৰা চিন্তাই হ’ল ইতি বাচক চিন্তা।
আনৰ ক্ষতি নকৰাকৈ নিজৰ উন্নতি কৰাক হে
প্ৰকৃত উন্নতি বুলিব পাৰি । তেখেতে এই চিন্তাৰ কিছুমান নীতি আগবঢ়াইছে।

১) ব্যক্তিৰ মনোবল অটুট থাকিব লাগে।
মনোবলৰ বাবে নিজক সাহিত্য, কলা সংস্কৃতিৰ লগত জড়িত ৰাখিব লাগে।
২) নিজকে পৰাজিত বুলি ভাবিব নালাগে।
মানুহ মাত্ৰে ভুল হয়।ভুল সংশোধনৰ কৰি সঠিক
পথত উপনীত হ’ব পাৰি।
৩) ভৱিষ্যত দুৰ্ভাবনাৰ পৰা মুক্তি পাবলৈ
সঞ্চয়ৰ প্ৰয়োজন।
৪) মৃত্যু ভয়ৰ পৰা বিৰত থাকিব লাগে।
প্ৰতি জন মানুহৰে মৃত্যুৰ সময় নিশ্চিত কৰা থাকে।
ফ্ৰান্সৰ প্ৰাক্তন প্ৰেছিডেন্ত চাৰ্লছ দ্য গ’লৰ জীৱনৰ
ওপৰত এঘাৰ বাৰ আক্ৰমণ হৈছিল। কিন্তু তেঁও
প্ৰত্যেক বাৰে জীৱন ঘুৰাই পাইছিল।
আমাৰ মাজতো ইতি বাচক চিন্তা জাগ্ৰত হওঁক তাৰ কামনাৰে___

” অসত্যৰ পথৰ পৰা লৈ যোৱা মোক
সত্যৰ সুমহান পথত
অন্ধকাৰৰ পৰা তুলি লোৱা
তোমাৰ জ্যোতি ময় ৰথত
মৃত্যু ভয় দুৰ কৰা হে মোৰ প্ৰিয়
মোক পিন্ধাই দিয়া অমৃতৰ উত্তৰীয়া।”

জ্যোতিস্মিতা গোস্বামী শৰ্মা