ইতিবাচক সামাজিক মঞ্চৰ উদ্যোগত ৰাজহুৱা সভা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ বীৰেন দাসক উষ্ম সম্বৰ্দ্ধনা

ইতিবাচক সামাজিক মঞ্চৰ উদ্যোগত ৰাজহুৱা সভা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ বীৰেন দাসক উষ্ম সম্বৰ্দ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা- বৃহত্তৰ পাঞ্জাবাৰী অঞ্চলত আত্মপ্ৰকাশিত অগ্ৰণী সামাজিক সংস্থা ইতিবাচক সামাজিক মঞ্চৰ উদ্যোগত আজি পাঞ্জাবাৰীৰ শৈক্ষিক আৰু বৌদ্ধিক চিন্তাৰ মহল শিক্ষানুষ্ঠান চাহিল ইনষ্টিটিটিউটত শতাধিক ৰাইজৰ উপস্থিত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা ।‌ সমাজৰ হিতাৰ্থে সেৱা -এক লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি ব্যতিক্ৰম চিন্তাৰ সমাহাৰৰ সামাজিক মঞ্চ ইতিবাচক সামাজিক মঞ্চৰ তৰফৰ পৰা আয়োজিত উক্ত ৰাজহুৱা সভাখনত সৰ্বভাৰতীয় মষ্টাৰ্ছ এথেলেটিকচ চেম্পিয়নশ্বিপত অসমৰ পৰা স্হান লাভ কৰিবলৈ সক্ষম হোৱা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ বীৰেন দাসক উষ্ম সম্বৰ্দ্ধনা জনোৱা হয়। মঞ্চৰ সভানেত্ৰী ৰুণু দেৱী শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তথা ক্ৰীড়া সংগঠক কৈলাশ শৰ্মা, বিশিষ্ট সমাজকৰ্মী সমাজবন্ধু ছাজন ভূঞা, সমাজ সেৱিকা বিনু কলিতা, অসম সংগ্ৰামী সেনাৰ সভাপতি হেমাংগ মজুমদাৰ, ভাৰত তীব্বত সহযোগী মঞ্চৰ যুৱ শাখাৰ সম্পাদক ঋতুৰাজ দাস , বিশিষ্ট খেলুৱৈ মফিজুৰ ৰহমান (বাবলা) প্ৰমুখ্যে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰাৰ লগতে নিজৰ শুভেচ্ছামূলক বক্তব্যৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ গৰাকীক উৎসাহিত কৰে ।‌ গামোচা,জাপি,চেলেং আৰু এটি স্তৱক স্তম্ভৰে খেলুৱৈ গৰাকীক সম্বৰ্দ্ধনা জনোৱা হয় ।‌ ইতিবাচক মঞ্চৰ সচিব প্ৰধান মতিয়াৰ ৰহমানে উদ্দেশ্যে ব্যাখ্যা কৰা সভাখনৰ আঁত ধৰে মঞ্চৰ মুখ্য প্ৰচাৰ সচিব জিণ্টু ডেকাই । সভাত মঞ্চৰ বিষয়ববীয়া সকলেও শুভেচ্ছা মূলক ভাষণ ৰাখি খেলুৱৈগৰাকীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মুম্বাইত অনুষ্ঠিত হ’ব লগীয়া খেলখনত ভাল ফলাফল কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে ।