ইণ্টাৰনেচনেল জার্নেলিষ্টছ ফেডাৰেচনলৈ নির্বাচিত চেমিম চুলতানা আহমেদ

pc Imi.org.ua

ইণ্টাৰনেচনেল জার্নেলিষ্টছ ফেডাৰেচনলৈ নির্বাচিত চেমিম চুলতানা আহমেদ

ৰঙিলী বাৰ্ত্তাসেৱা-  ইণ্টাৰনেচনেল ফেডাৰেচন অৱ জার্নেলিষ্টছ (আই এফ জে)ৰ জেণ্ডাৰ কাউঞ্চিলৰ ষ্টিয়েৰিং কমিটী (কর্ণধাৰ কমিটী)ৰ সদস্যৰূপে দ্বিতীয়বাৰৰ বাবে নির্বাচিত হৈছে ‘দৈনিক অগ্ৰদূত’ৰ বার্তা সম্পাদক চেমিম চুলতানা আহমেদ। জার্নেলিষ্ট ইউনিয়ন অৱ আছাম (জুৱা)ৰ কাৰ্যকৰী সভাপতি তথা জুৱাৰ জেণ্ডাৰ কাউঞ্চিলৰ সভাপতি আহমেদে ইণ্ডিয়ান জার্নেলিষ্টছ ইউনিয়ন (আই জে ইউ)ক প্রতিনিধিত্ব কৰি দ্বিতীয়বাৰৰ বাবে আই এফ জেৰ উক্ত পদত এছিয়া পেচিফিকৰ প্ৰাৰ্থীৰূপে প্রতিদ্বন্দ্বিতা কৰে। এছিয়া পেছিফিক অঞ্চলৰ পৰা পাঁচখন দেশৰ পাঁচগৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছিল। বিশ্বৰ সাতটা মণ্ডলৰ বাবে এই নির্বাচন অনুষ্ঠিত হৈছিল। এইসমূহ হৈছে এছিয়া পেছিফিক, আফ্রিকা, মধ্যপ্রাচ্য, আৰৱ বিশ্ব, ইউৰোপ, লেটিন আমেৰিকা আৰু নর্থ আমেৰিকা৷ইয়াৰে ইউৰোপ, লেটিন আমেৰিকা আৰু নৰ্থ আমেৰিকাৰ প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হয়। আহমেদে এছিয়া পেচিফিকৰ পাঁচগৰাকী প্ৰাৰ্থীৰ ভিতৰত সর্বাধিক ভোট লাভ কৰি নির্বাচিত হয়। উল্লেখ্য যে আই এফ জেৰ জেণ্ডাৰ কাউন্সিলে লিংগ সমতা স্থাপনৰ বাবে যুঁজ দি আহিছে। বিশ্বজুৰি মহিলা সাংবাদিকে সন্মুখীন হোৱা হিংসা আৰু আতিশষ্যৰ বিৰুদ্ধে কাম কৰি আহিছে জেণ্ডাৰ কাউন্সিলে। মহিলা সাংবাদিকসকলে তেওঁলোকৰ জীৱিকাৰ লগতে সম্প্ৰদায়ৰ মাজতো সন্মুখীন হোৱা ৰাজনৈতিক, ন্যায়িক,সাংস্কৃতিক বৈষম্যকে ধৰি বৰ্ণ বৈষম্য আৰু সামাজিক ক্ষেত্ৰতো সন্মুখীন হোৱা বৈষম্যৰ বিৰুদ্ধে যুঁজ দি আহিছে আই এফ জেৰ জেণ্ডাৰ কাউন্সিলে। কালি ঘোষিত ফলাফল অনুসৰি সভাপতি, সভাপতি, উপ- সচিব, ষ্টিয়েৰিং কমিটীৰ ১২গৰাকী সদস্যকে ধৰি ২০২২-২০২৫ কার্যকালত বাবে এই কমিটী গঠন কৰা হৈছে। ইয়াৰ উপৰি জেণ্ডাৰ কাউন্সিলত সদস্যৰূপে আছে মুঠ ৩৭গৰাকী সদস্য। কমিটীৰ সভাপতি মাৰিয়া এঞ্জেলেছ ছামপেৰিঅ’ স্পেইনৰ, উপ-সভাপতি ৰাইডাৱাকাফ ছিৰিয়া আৰু সচিব বিয়েট্রিজ পেৰেজ ছানচেজ ক’ষ্টা ৰিকাৰ সাংবাদিক। উল্লেখ্য যে ২০১৯ত টিউনিছিয়াত সম্পন্ন হোৱা আই এফ জে কংগ্ৰেছত নিৰ্বাচিত হোৱা জেণ্ডাৰ কাউন্সিলৰ ষ্টিয়েৰিং কমিটীৰো সদস্যৰূপে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল চেমিম চুলতানা আহমেদ। প্রসংগক্রমে উল্লেখ্য যে আই জে ইউ হৈছে ভাৰতৰ এক আগশাৰীৰ সাংবাদিক সংগঠন। দেশৰ বিভিন্ন ৰাজ্যৰ সাংবাদিক ইউনিয়ন ইয়াৰ সদস্য। আই এফ জেৰ স্বীকৃতিপ্রাপ্ত ভাৰতীয় সদস্য সংগঠন হৈছে আই জে ইউ।মনকৰিবলগীয়া যে অহা ৩১ মে’ৰ পৰা তিনি জুনলৈ ওমানৰ ৰাজধানী মাস্কেটত অনুষ্ঠিত হ’ব আই এফ জে ৱৰ্ল্ড কংগ্ৰেছ। ইয়াত ভাৰতৰ পৰা আই জে ইউৰ সভাপতি গীতার্থ পাঠক, সচিব ছাবিনা ইন্দৰজিৎ, চেমিম চুলতানা আহমেদ আৰু অৰুণাচলৰ অমৰ ছাংনোৱে অংশগ্রহণ কৰিব। এই বিশ্ব সাংবাদিক সন্মিলনত ৩১ মে’ৰ সন্ধিয়া আই এফ জে জেণ্ডাৰ কাউন্সিলৰ বৈঠক অনুষ্ঠিত হ’ব।এই বৈঠকতে নৱনিৰ্বাচিত ষ্টেয়েৰিং কমিটিয়ে দায়িত্বভাৰ গ্ৰহণ কৰিব । তদুপৰি এই বৈঠকতে বিশ্বৰ মহিলা সাংবাদিকৰ নানা সমস্যৰাজিক লৈ আলোচনা হ’ব । সাংবাদিকগৰাকীক অসমৰ লগতে বিভিন্ন দেশ বিদেশৰ সতীৰ্থই অভিনন্দন জনায়।