ইজিপ্তৰ ভাৰতৰ পৰা ১.৮ লাখ টন ঘেঁহু ক্ৰয়

ইজিপ্তৰ ভাৰতৰ পৰা ১.৮ লাখ টন ঘেঁহু ক্ৰয়

ৰঙিলী বাৰ্ত্তাসেৱা– ইজিপ্তে ভাৰতৰ পৰা ১.৮ লাখ টন ঘেঁহু ক্ৰয় কৰিব, দেশখনৰ যোগান মন্ত্ৰী আলি মোচেলীয়ে কয়। তেওঁ কয়, “আমি ৫,০০,০০০ টনৰ ওপৰত সন্মত হৈছিলোঁ, কিন্তু দেখা গৈছে যোগানকৰ্তাৰ বন্দৰত ১,৮০,০০০ টন আছে।” তেওঁ লগতে কয় যে বিশ্বৰ অন্যতম বৃহৎ ঘেঁহু আমদানিকৰ্তা ইজিপ্তেও ৰাছিয়াৰ সৰবৰাহকাৰী সকলৰ সৈতে ঘেঁহু ক্ৰয়ৰ বাবে আলোচনা কৰি আছে।