ইছলামধর্মী লোকৰ হিন্দু মহিলাৰে দ্বিতীয় বিবাহ অবৈধঃ উচ্চতম ন্যায়ালয়

pc NDTV

ইছলামধর্মী লোকৰ হিন্দু মহিলাৰে দ্বিতীয় বিবাহ অবৈধঃ উচ্চতম ন্যায়ালয়

অনলাইন বাৰ্ত্তাসেৱা – এগৰাকী মহিলাই দাখিল কৰা এখন লেখ আবেদনৰ শুনানিৰ ক্ষেত্ৰত বিশেষ বিবাহ আইনৰ-১৯৫৪ৰ ধাৰাৰ পৰ্যালোচনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে কোনো ইছলামধর্মী লোকে যদি এগৰাকী হিন্দু মহিলাক দ্বিতীয় বিবাহ কৰায়, সেই বিবাহ অবৈধ হ’ব। উল্লেখ্য যে কামৰূপ জিলাৰ চাহাবুদ্দিন আহমেদ নামৰ এজন লোকে যোৱা ২০১৭ চনত মৃত্যু হোৱাৰ পাছত তেওঁৰ দ্বিতীয় পত্নীয়ে স্বামীৰ পেন্সনৰ ধন দাবী কৰিছিল ৷ কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত লাট মণ্ডল হিচাপে কৰ্মৰত অৱস্থাত মৃত্যু হোৱা চাহাবুদ্দিন আহমেদৰ দ্বিতীয় পত্নীয়ে পেন্সনৰ অধিকাৰী বুলি কৰা এই দাবীৰ প্ৰসংগত উচ্চ ন্যায়ালয়ত দাখিল হোৱা লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে বিশেষ বিবাহ আইন-১৯৫৪ অনুসৰি কোনো ইছলামধৰ্মী লোকে যদি হিন্দু মহিলাক দ্বিতীয় বিয়া কৰায়, তেন্তে সেই বিবাহ অবৈধ হ’ব আৰু স্বামীৰ মৃত্যুৰ পাছত পাবলগীয়া পেন্সনকে ধৰি আন সা-সুবিধাৰ পৰাও দ্বিতীয় পত্নী বঞ্চিত হ’ব। ন্যায়ালয়ে এই লেখ আবেদনৰ বিভিন্ন দিশ পৰ্যালোচনাৰ অন্তত স্পষ্ট কৰি দিছে যে যিহেতু চাহাবুদ্দিনৰ দ্বিতীয় পত্নী হিন্দু আৰু তেওঁ চাহাবুদ্দিনৰ লগত ইছলাম ধৰ্ম অথবা ইছলামিক পৰম্পৰাৰে বিবাহত আবদ্ধ হোৱা নাই, বিবাহৰ পাছতো দ্বিতীয় পত্নীয়ে তেওঁৰ হিন্দু নাম সলনি কৰা নাই, সেয়েহে এই বিবাহ বৈধ নহয় ৷

(UD.)