ইছপাৰ ব্যক্তিগত কোম্পানীসমূহে মহাকাশ খণ্ডত বিনিয়োগ কৰিব পাৰিবঃ প্ৰধানমন্ত্ৰী মোদী

pc Twitter

ইছপাৰ ব্যক্তিগত কোম্পানীসমূহে মহাকাশ খণ্ডত বিনিয়োগ কৰিব পাৰিবঃ প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা –  প্রধানমন্ত্রী মোদীয়ে মহাকাশ খণ্ডত ব্যক্তিগত অংশীদাৰিত্বক প্রাধান্য দিয়াৰ লক্ষ্যৰে গঠন কৰা ইছপাৰ ব্যক্তিগত কোম্পানীসমূহে মহাকাশ খণ্ডত বিনিয়োগ কৰিব পাৰিব বুলি কয়। নতুনকৈ গঠিত ভাৰতীয় মহাকাশ সংস্থা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যক সম্পূৰ্ণ কৰি তুলিবলৈ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। পূৰ্বৰ চৰকাৰসমূহে নিৰ্ণয়কাৰী সিদ্ধান্ত গ্ৰহণ কৰা নাছিল বুলি প্রধানমন্ত্রী মোদীয়ে বিৰোধীক কটাক্ষ কৰে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰোৱে মহাকাশ বিজ্ঞানত অনেক অভিলেখকাৰী অভিযান চলোৱাৰ প্ৰসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ইছৰোৰ এই অভিযানত পৰৱৰ্তী সময়ত ব্যক্তিগত খণ্ডই অংশীদাৰিত্ব ল’ব পাৰিব। যাৰ জৰিয়তে মহাকাশ খণ্ডটি এক উজ্জীৱিত উদ্যোগলৈ ৰূপান্তৰিত হ’ব। ইছপাই ভাৰতক স্ব-নির্ভৰশীল হিচাপে গঢ়ি তোলাত সহায় কৰাৰ লগতে অত্যাধুনিক জৰিয়তে দেশৰ প্ৰযুক্তি আৰু উদ্ভাৱনেৰে মহাকাশ খণ্ডত নেতৃত্ব ল’ব পাৰিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।