ইংৰাজী নৱবৰ্ষক আদৰাৰ নামত অশ্লীলতা নচলিবঃ হিন্দু যুৱ-ছাত্র

ইংৰাজী নৱবৰ্ষক আদৰাৰ নামত অশ্লীলতা নচলিবঃ হিন্দু যুৱ-ছাত্র

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  আগন্তুক ইংৰাজী নৱবৰ্ষ আদবাৰ নামত নগ্নতা আৰু অশ্লীলতা পয়োভৰ নঘটাবলৈ মহানগৰীৰ লগতে ৰাজ্যখনৰ চহৰ নগৰসমূহৰ হোটেল, ৰেষ্টুৰা, বাৰ, ডিস্কো আদিৰ লগতে যুৱ-প্ৰজন্মক সংযত আহ্বান জনাইছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে। আজি বাতৰি কাকতলৈ প্রেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে পৰিষদৰ কেন্দ্রীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধর দাসে কয় যে নগ্নতা আৰু অশ্লীলতাৰে পালন কৰিবলৈ বিচৰা উৎসরে অসমীয়া সংস্কৃতি তথা সাধাৰণ জনজীৱন কলংকৃত কৰিছে। সেয়েহে হোটেল বাৰ, ৰেষ্টুৰেন্ট তথা ডিস্কো সমূহৰ স্বত্বাধিকাৰীয়ে নিজৰ মুনাফাৰ স্বাৰ্থৰ বাবে যাতে বিজতৰীয়া অনুষ্ঠান উদ্যাপন কৰা পৰিৱেশ গঢ়ি নুতুলে তাৰ বাবে কঠোৰ সকীয়নি দিছে বৈশ্য আৰু দাসে। একেটা বিবৃতিতে পৰিষদৰ নেতাদ্বয়ে কয় যে এই ক্ষেত্ৰত চৰকাৰ প্রশাসনো কঠোৰ হোৱাৰ প্ৰয়োজন আছে লগতে জিলা প্রশাসনসমূহে আৰু আৰক্ষী বিভাগে সচেতনতাৰে বিষয়টো দৃষ্টি ৰাখিলে কোনো অনুষ্ঠান-প্রতিষ্ঠানে এনে দুষ্কার্য সংঘটিত কৰাৰ প্রশ্নই উঠিব নোৱাৰে বুলি পৰিষদৰ নেতা দুগৰাকীয়ে মন্তব্য কৰে।