আৱেগিক হৈ সঞ্জীৱৰ পিতৃয়ে পৰেশ বৰুৱাক দিলে অভিশাপ

আৱেগিক হৈ সঞ্জীৱৰ পিতৃয়ে পৰেশ বৰুৱাক দিলে অভিশাপ

ৰঙিলী বাৰ্ত্তাসেৱা- আলফা(স্বা)ৰ দুজনকৈ সদস্যক মৃত্যুদণ্ড।আৰক্ষীৰ হৈ চোৰাংচোৱাৰ অভিযোগত মৃত্যুদণ্ড সঞ্জীৱ শৰ্মাক।ধনজিৎ দাস ওৰফে ৰূপক অসমকো মৃত্যুদণ্ড আলফা (স্বা)ৰ।আলফাৰ এই কঠোৰ সিদ্ধান্তৰ পাছতেই এতিয়া‌ শোকত ভাগি পৰিছে পৰিয়ালৰ লোকসকল।সঞ্জীৱক আলফাই মৃত্যুদণ্ড দিয়াৰ পাছতে সঞ্জীৱৰ ঘৰত কান্দোনৰ ৰোল।কান্দি কান্দি পৰেশ বৰুৱাক অভিশাপ দিলে সঞ্জীৱৰ পিতৃয়ে।আলফাই সঞ্জীৱ শৰ্মাৰ মৃত্যুদণ্ড ঘোষণা কৰাৰ পাছতে আৱেগিক হৈ সঞ্জীৱৰ পিতৃয়ে অভিশাপ দিলে পৰেশ বৰুৱাক।আৱেগিক হৈ সঞ্জীৱৰ পিতৃয়ে কয় যে,”আলফাই ঘৰৰ কথা বিবেচনা কৰিব লাগিছিল।মই পৰেশ বৰুৱাক অভিশাপ দিছোঁ।মই যেনেকৈ দুখ পাইছোঁ পৰেশ বৰুৱাই দুখ পাব।ভগবানে বিচাৰ কৰি আছে।”