আৱাহন থিয়েটাৰৰ চলিত বৰ্ষত মঞ্চস্থ হোৱা “মইনা কুশলে আছানে” নাটখন এজন দৰ্শকৰ দৃষ্টিৰে
শৈলেন কুমাৰ,মিৰ্জা,কামৰূপ
“ মাটিৰ দালালি আৰু মদে কেনেকৈ ঘৰ এখন থানবান কৰে নাটখনত দৃষ্টিগোচৰ কৰা হৈছে ৷ এগৰাকী মাকৰ পুত্ৰৰ বাবে কৰা ত্যাগ সমৰ্পণৰ জীৱন সংগ্ৰামৰ পটভূমিৰ প্ৰক্ষাপটত ৰচিত নাট হৈছে “ মইনা কুশলে আছানে”
আৱাহন থিয়েটাৰৰ ২০২৪/২৫ বৰ্ষৰ নাট “ মইনা কুশলে আছানে ” সাফল্যমণ্ডিত এখন বাস্তৱধৰ্মী সামাজিক, আবেগিক নাট ৷ ইতিমধ্যে এই নাটখনে অসমৰ ৰাইজৰ মন জয় কৰি বিপুল সমাদৰ তথা সঁহাৰি পাবলৈ সক্ষম হৈছে,থিয়েটাৰৰ প্ৰেক্ষাগৃহৰ পৰা দৰ্শক সকলে চকুৰপানী মচি ওলাই আহিছে ৷ মোহময়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ বলিষ্ঠ অভিনয়ৰে মুখৰিত নাটখনে সাংসাৰিক,পাৰিবাৰিক আৰু লগতে সমাজৰ কিছুমান আওপুৰণি প্ৰথাক মুখ্য আঘাত কৰে ৷ নাটৰ আৰম্ভণিত দেখুওৱা হৈছে ৮০/৯০ দশকৰ এখন সাধাৰণ ঘৰ য’ত ঘৰৰ মুৰব্বী পিতৃ ঘৰখনৰ সৰ্বেসৰ্বা, তেখেতৰ সিদ্ধান্ত চৰম সিদ্ধান্ত ৷ তেখেতৰ পুত্ৰ গুৱাহাটীত উকিল পঢ়ি আছে আৰু জীয়েক( প্ৰস্তুতি পৰাশৰ ) কলেজত ভাল ফলাফল কৰিছে ভবিষ্যতে উচ্চ শিক্ষা গ্ৰহণ কৰি এগৰাকী অধ্যাপক হোৱাৰ মন ৷ কিন্তু অতীতৰ আওপুৰণি প্ৰথাৰ মেৰপাকত পৰি নিজস্ব সপোনক হোমৰ গুৰিত বিসৰ্জন দি বিয়াত বহিব লগা হ’ল ৷ বিয়া হৈ গুৱাহাটীত বসবাস কৰিব ধৰে ৷ গিৰিয়েক,পুত্ৰ সন্তান সহ তাই নিজস্ব সমাধিস্থ সপোন সমূহ নিজস্ব সন্তান মইনাৰ ভৱিষ্যত সাফল্য হোৱাৰ মাধ্যমৰে দেখিব ধৰে ৷ কিন্তু নিয়তিৰ খেলা চৰকাৰী চাকৰিত নিয়োজিত গিৰিয়েকে দুষ্টচক্ৰৰ কৱলত পৰি অধিক ধন ঘটাৰ লালসাত মাটিৰ দালালি আৰু মদৰ নিচাহত আসক্ত হয়, যাৰফলত ঘৰখন থানবান হৈ পৰে ৷ গিৰিয়েকক হেৰুওৱাৰ পাছত তাই বহু সংগ্ৰাম আৰু সংঘৰ্ষ কৰি সন্তান মইনাক কিদৰে পঢ়াইশুনাই ডাঙৰদীঘল কৰি সফলতাৰ শীৰ্ষত কৰিও নিসংগ আৰু অকলশৰীয়া হৈ পৰে ৷ নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই নাটখনৰ দ্বাৰা সমাজৰ বহু গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে ৷ “ মইনা কুশলে আছানে ” নাটখন সমাজৰ সকলো বৰ্গৰ দৰ্শকৰ বাবে উপভোগ্য এখন আবেগিক মঞ্চ সফল নাট হিচাপে দৰ্শকৰ মাজত জনপ্ৰিয় হবলৈ সক্ষম হৈছে ৷ এজন দৰ্শকৰ দৃষ্টিৰে মই নাটখন উপভোগ কৰি সঁচাকৈ আপ্লুত হ’লো আৰু আশা ৰাখিছোঁ “ মইনা কুশলে আছানে ” নাটখন চলিত বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ নাট হিচাপে পৰিগণিত হ’ব ৷