আৰ এছ এছৰ বৰেণ্য কাৰ্যকতা বিনায়কৰাও কানেটকাৰলৈ শ্ৰদ্ধাঞ্জলি

আৰ এছ এছৰ বৰেণ্য কাৰ্যকতা বিনায়কৰাও কানেটকাৰলৈ শ্ৰদ্ধাঞ্জলি

নয়নজ্যোতি তালুকদাৰ, গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা– ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বৰেণ্য কাৰ্যকতা, ইতিহাস পুৰুষ প্ৰয়াত বিনায়কৰাও কানেটকাৰৰ সোৱঁৰণত স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । মহানগৰীৰ হেঙেৰাবাৰীৰ আৰ এছ এছৰ কাৰ্যালয় “সুদৰ্শনালয়”ত সংঘৰ জ্যেষ্ঠ প্ৰচাৰক গৰাকীৰ প্ৰতিচ্ছবিত বৃহস্পতিবাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। কৰ্মযোগী গৌৰিশংকৰ চক্ৰৱৰ্তী সভাগৃহত আবেলি 5 বজাত আৰ এছ এছৰ গুৱাহাটী মহানগৰৰ উদ্যোগত আয়োজিত হোৱা স্মৃতিচাৰণ সভা অনুষ্ঠানত প্ৰায় 400 সংখ্যক অনুৰাগী, গুণমুগ্ধ তথা সহযোগীৰ উপস্থিত থাকি জ্যেষ্ঠ প্ৰচাৰক বিনায়কৰাও কানেটকাৰৰ কৰ্মৰাজি, অসমত অৱদান আৰু দেশমাতৃৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বিষয়ে সোৱঁৰণ কৰে । আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলিৰে এই স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । প্ৰয়াত জ্যেষ্ঠ প্ৰচাৰক বিধায়কৰাওজীৰ সান্নিধ্যৰ স্মৃতিচাৰণ কৰে আৰ এছ এছৰ জ্যেষ্ঠ প্ৰচাৰক শশীকান্ত চৌখাইৱালে , অসম ক্ষেত্ৰৰ সংঘচালক ড° উমেশ চক্ৰৱৰ্তী আৰু গুৱাহাটী মহানগৰ সংঘচালক গুৰু প্ৰসাদ মেধিয়ে । ইয়াৰ পিছতে সভাত ধন্যবাদ সূচক বক্তব্য প্ৰদান কৰে স্মৃতিচাৰণ সভাৰ সভাপতি বশিষ্ঠৰাম ডেকাই । শেষত পূৰ্ণতা মন্ত্ৰ আৰু উপস্থিত গুণমুগ্ধৰ শ্ৰদ্ধাঞ্জলিৰে স্মৃতিচাৰণ সভা অন্ত পৰে ।