আৰ্থিক দূৰৱস্থাইয়ো যাক বাধা দিব নোৱাৰে ১১০কিলোমিটাৰ চাইকেল চলাই আহি টেট পৰীক্ষা দিলেহি বিহপুৰীয়াৰ এজন পৰীক্ষাৰ্থীয়ে

আৰ্থিক দূৰৱস্থাইয়ো যাক বাধা দিব নোৱাৰে ১১০কিলোমিটাৰ চাইকেল চলাই আহি টেট পৰীক্ষা দিলেহি বিহপুৰীয়াৰ এজন পৰীক্ষাৰ্থীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ অসমতে অনুষ্ঠিত হৈছিল অসম চৰকাৰৰ শিক্ষা বিভাগৰ টেট পৰীক্ষা।আৰ্থিক দূৰৱস্থাৰ হেতু সূদুৰ বিহপুৰীয়াৰ পৰা ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰত পৰীক্ষা দিবলৈ কমেও ১১০কিলোমিটাৰ চাইকেল চলাই আহিল এজন পৰীক্ষাৰ্থী। ১০ বজাত তেওঁ ঘৰৰ পৰা ওলাই আহে আৰু একেৰাহে ১১০কিলোমিটৰ চাইকেল চলাই পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হৈ কৰ্ণ কুলিয়ে পৰীক্ষাত অৱতীৰ্ণ হয়।পৰীক্ষাকেন্দ্ৰত এনেদৰে অশেষ কষ্ট কৰি অৱতীৰ্ণ হোৱা কৰ্ণক সহায় কৰিবলৈ বহু লোক আৰু দল-সংগঠন আগবাঢ়ি আহে।