আৰ্টফেডক ধবংস নকৰি পুনৰজ্জীৱিত কৰাৰ দাবী তৃণমূল কংগ্ৰেছৰ

Pc - Wikimedia Commons

আৰ্টফেডক ধবংস নকৰি পুনৰজ্জীৱিত কৰাৰ দাবী তৃণমূল কংগ্ৰেছৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘স্বদেশী’ৰ শ্ল’গান দি অসমৰ মানুহৰ ভোট লোৱা বিজেপিয়ে অসমৰ আন এটা আবেগ জড়িত সম্পদ ধ্বংস গৰাহলৈ নিয়া আমি প্ৰত্যক্ষ কৰিছো৷ ৰাজহুৱা সম্পদ বিক্ৰীৰে ইতিহাস গঢ়া বিজেপিয়ে অসমৰ সম্পদসমূহ এফালৰ পৰা নিঃশেষ কৰি গৈছে৷ আৰ্থিক দুৰৱস্থাৰ সংকট মোচন কৰাৰ অচিলা লৈ ৰাজহুৱা সম্পদ ব্যক্তিগত খণ্ডৰ হাতত তুলি দিছে বিজেপিয়ে৷-এই মন্তব্য তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ৷আজি এক প্ৰেছ বিবৃতি যোগে ৰিপুন বৰাই কয়-অসমৰ তৈলক্ষেত্ৰ নিলাম, কাগজ কলসহ বহু ৰাজহুৱা সম্পদ ধ্বংস কৰাৰ পিছতে কেন্দ্ৰ-ৰাজ্যৰ বিজেপি চৰকাৰে অসমৰ মানুহৰ আবেগ জড়িত আৰ্টফেড ধ্বংস কৰিব খুজিছে৷ অসম এপেক্স ৱিভাৰএণ্ড আৰ্টিজানচ কোঅপাৰেটিভ ফেডাৰেচন লিমিটেড চমুকৈ (ARTFED)ৰ কৰ্মচাৰীক দৰমহা আদায় দিয়া নাই চৰকাৰে৷ ধন নোহোৱাত কেঁচা সামগ্ৰীৰ অভাৱত উৎপাদন বন্ধ হোৱাত আৰ্টফেডৰ শ্বৰূমসমূহ বন্ধ হ’ব ধৰিছে৷ শিপিনী আৰু শিল্পীয়ে হাতে বোৱা বস্ত্ৰৰ লগতে আন আন সামগ্ৰী তৈয়াৰ কৰা হস্তশিল্প খণ্ডৰ লাভজনক প্ৰতিষ্ঠানটো বন্ধ কৰি পুঁজিপতিক এনে ব্যৱসায় কৰিবলৈ সুবিধা দিব খুজিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। প্ৰাথমিক পৰ্যায়ৰ সমবায় সমিতি, স্ব-সহায়ক গোটে বোৱা এৰি, মুগা, কপাহৰ বস্ত্ৰ, বেত-বাঁহ, কাঠৰ হস্তশিল্প সামগ্ৰী আৰ্টফেডে ক্ৰয় কৰাৰ ফলত অসমৰ বৃহৎ সংখ্যক নাৰী সমাজ উপকৃত হৈ আহিছে৷ কিন্তু মহিলাৰ শত্ৰু বিজেপিয়ে আৰ্টফেড ধ্বংস কৰি এইসকল মহিলাৰ উপাৰ্জন কাঢ়ি নি পৰিয়ালসমূহক পেটে-ভাতে মাৰিব খুজিছে৷ হস্ততাঁত, হস্তশিল্প সামগ্ৰী যোগান ধৰা শিপিনী, শিল্পী, বেচৰকাৰী সংস্থা, স্ব-সহায়ক গোটসমূহৰ ভৱিষ্যত অন্ধকাৰলৈ নিব খোজা কাৰ্যক কেতিয়াও সহ্য কৰা নহ’ব৷ প্ৰদৰ্শনী, ক্লাষ্টাৰ প্ৰকল্প প্ৰশিক্ষণ, হস্ততাঁত বয়ন দক্ষতা উন্নীতকৰণ আৰু ৰপ্তানিৰে সুনাম কঢ়িয়াই অনা আৰ্টফেড বন্ধ কৰিব খোজাৰ কাৰণ কি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টিকৰণ দিব লাগিব৷ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বাহিৰত শ্বৰূম থকা আৰ্টফেডৰ ৰাজ্যৰ শ্বৰূমসমূহ বন্ধ হোৱাৰ উপক্ৰম হোৱাৰ লগতে কানপুৰ, জয়পুৰ, ইন্দোৰৰ শ্বৰূম বন্ধ হোৱা বুলি আমি অৱগত হৈছো৷ ইমানে নহয় আৰ্টফেডৰ নলবাৰী, বামুণীমৈদাম, পশ্চিম বৰাগাঁৱৰ উৎপাদন কেন্দ্ৰত নাই কেঁচা সমগ্ৰী৷ আৰ্টফেডৰ উৎপাদন কেন্দ্ৰ, সূতা বেংক আৰু শ্বৰূম পৰিচালনাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ৷ মূলত পুঁজিৰ অভাৱ হৈছে আৰ্টফেডৰ৷ চৰকাৰে কৰ্মচাৰীক ১০ মাহ দৰমহা দিয়া নাই৷ বিজেপিয়ে জানি-বুজি এটা লাভজনক ৰাজহুৱা উদ্যোগ বন্ধ কৰিব খুজিছে৷ এয়া অসমৰ মানুহৰ প্ৰতি চৰম উপহাস৷ অসমৰ ঐতিহাসিক সম্পদ এনেদৰে ধ্বংস কৰিব নোৱাৰিব৷ দক্ষ মুখ্যমন্ত্ৰী বুলি জহাই ফুৰা মুখ্যমন্ত্ৰীৰ এবছৰীয়া কাৰ্যকালতে ইটোৰ পিছত সিটো প্ৰতিষ্ঠান দেউলীয়া হৈছে৷ পুঁজিপতিৰ স্বাৰ্থত কাম কৰা মুখ্যমন্ত্ৰীয়ে অসমৰ স্বাৰ্থক জলাঞ্জলি দি কেৱল মোদী-শ্বাহক তোষামোদত ব্যস্ত হৈ পৰিছে৷ আমি অসম তৃণমূল কংগ্ৰেছে শীঘ্ৰে আৰ্টফেডৰ কৰ্মচাৰীক দৰমহাসহ আন আন প্ৰাপ্য আদায় দিয়াৰ দাবী জনাইছো৷ আৰ্টফেড পুনৰ উজ্জীৱিত কৰিবলৈ শীঘ্ৰে বিশেষ পেকেজ দিয়ক ৰাজ্য চৰকাৰে৷ উৎপান কেন্দ্ৰত উৎপাদন পূৰ্বৰ দৰে আৰম্ভ কৰি সকলো শ্বৰূম পুনৰ আৰম্ভ কৰক৷ আৰ্টফেড অসমৰ মান-অভিমান৷ আৰ্টফেডক ধ্বংস নকৰি পুনৰ উজ্জীৱিত কৰক৷ অন্যথাই বিজেপিৰ এয়া শিপিনী আৰু শিল্পী সমবায়ক অপমান বুলি গণ্য কৰা হ’ব৷